• Home
  • »
  • News
  • »
  • assam
  • »
  • Muharram Celebrated : উৎসাহ–উদ্দীপনাৰে হাইলাকান্দিত উদযাপিত মহৰম

Muharram Celebrated : উৎসাহ–উদ্দীপনাৰে হাইলাকান্দিত উদযাপিত মহৰম

 কোভিড মহামাৰীৰ পিছত মহৰমৰ সমদলত হাইলাকান্দিত অংশ লয় পঞ্চাছ হাজাৰৰো অধিক লোকে

কোভিড মহামাৰীৰ পিছত মহৰমৰ সমদলত হাইলাকান্দিত অংশ লয় পঞ্চাছ হাজাৰৰো অধিক লোকে

কোভিড মহামাৰীৰ পিছত মহৰমৰ সমদলত হাইলাকান্দিত অংশ লয় পঞ্চাছ হাজাৰৰো অধিক লোকে

  • Share this:
দেশৰ অন্যান্য প্ৰান্তৰ লগতে আজি হাইলাকান্দি জিলাতো পৰম্পৰাগতভাৱে পালন কৰা হয় পৱিত্ৰ মহৰম উৎসৱ। ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই মহৰম উপলক্ষ্যত পৰম্পৰাগত সাজ পৰিধানত সজ্জিত হৈ, তাজিয়া লৈ, পৰম্পৰাগত বাদ্য যন্ত্ৰ বজাই নৃত্য গীত পৰিৱেশন কৰে (Muharram celebrated in Hailakandi)।

এই উপলক্ষ্যত হাতত বিভিন্ন অস্ত্ৰ–শস্ত্ৰ লৈ সজ্জিতভাৱে হাইলাকান্দিৰ ৰাজপথত উলিয়ায় ধৰ্মীয় সমদল। ইপিনে, দেশত চলা স্বাধীনতাৰ অমৃত মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আজি হাইলাকান্দিৰ মহৰমৰ প্ৰতিখন সুসজ্জিত তাজিয়াৰ লগতে দেশৰ জাতীয় পতাকা  লৈ অহাৰ দৃশ্যও পৰিলক্ষিত হয়।

এইবাৰৰ মহৰমৰ সমদলত হাইলাকান্দিত অংশ লয় পঞ্চাছ হাজাৰৰো অধিক লোকে। উল্লেখ্য যোৱা ২ বছৰ কোভিড মহামাৰীৰ বাবে হাইলাকান্দি জিলাত অনানুষ্ঠানিকভাৱে পালিত হৈছিল মহৰম। দুবছৰৰ অন্তত এইবাৰ মহৰমক কেন্দ্ৰ কৰি হাইলাকান্দি জিলাৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়।
Published by:Gautam Barman
First published: