নিমাতীঘাটৰ দুৰ্ঘটনাত (Nimatighat Boat Tragedy) প্ৰাণ হেৰুৱা সকলক সমবেদনা জ্ঞাপন কৰি শুকুৰবাৰে সংবাদমেল সম্বোধন কৰিলে বিজেপি (BJP)ৰ দুই মুখপাত্ৰ লক্ষ্য কোঁৱৰ আৰু পংকজ বৰবৰাই ৷ সংবাদমেল আৰম্ভ কৰিয়েই সমালোচনাৰে থকা সৰকা কৰিলে অসম প্ৰদেশ কংগ্ৰেছ (APCC)ৰ সভাপতি ভূপেন বৰা (Bhupen Borah)ক ৷ দুৰ্ঘটনাক লৈ ৰাজনীতি নকৰিবলৈও সকিয়নী দিলে ভূপেন বৰাক ৷ লগতে ক'লে তদন্তত দোষী সাব্যস্ত হ'লে সাৰি যাব নোৱাৰিব কোনো ৷
মুখপাত্ৰ লক্ষ্য কোঁৱৰে লগতে কয়, "২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে নিজে তদাৰক কৰিছে সমগ্র বিষয়টো। তাৰ মাজতে বিৰোধী দলৰ বক্তব্যই বিভ্ৰান্তি সৃষ্টি কৰিছে ৰাইজৰ মাজত ৷ হতাশাগ্ৰস্ত লোকৰ দৰে বক্তব্য ৰাখিছে সভাপতি ভুপেন বৰাই। দুৰ্ঘটনাক লৈ গণতন্ত্ৰ বিৰোধী মন্তব্য ভূপেন বৰাৰ।"
আনহাতে "মাজুলীৰ দলঙ (Jorhat-Majuli Bridge)ক লৈ বিজেপি চৰকাৰক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছ দলৰ। ১৫ বছৰে কিয় দলঙৰ কথা চিন্তা নকৰিলে কংগ্ৰেছে? কেন্দ্ৰত ড৹ মনমোহন সিং (Ex PM Dr Manmohan Singh) প্ৰধানমন্ত্ৰী আৰু অসমত যোৰহাট জিলাৰ পৰা প্ৰয়াত তৰুণ গগৈ (Late Tarun Gogoi) মুখ্যমন্ত্ৰী আছিল। সেই সময়ত কংগ্ৰেছে কিয় দলং নিৰ্মাণৰ কথা চিন্তা নকৰিলে?" বুলি সমালোচনা কৰিলে ভূপেন বৰাক।
"আমি দলঙক লৈ ৰাজনীতি নকৰোঁ। ৪ বছৰৰ ভিতৰত মাজুলীত দলং নিৰ্মাণ হ'ব। দুবাৰ আধাৰশিলা হোৱা নাই, এবাৰেই হৈছে মাজুলী দলঙৰ আধাৰশিলাৰ কাম। দলঙৰ নামত কংগ্ৰেছ দলে যাতে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰে তাৰ বাবে ভুপেন বৰাক সকিয়াই দিছোঁ" বুলি কংগ্ৰেছক আক্ৰমণ বিজেপিৰ।
লগতে এই দুৰ্ঘটনাৰ বাবে দায়ী হোৱা কোনো লোক সাৰি যাব নোৱাৰে বুলি ঘোষণা বিজেপিৰ। লক্ষ্য কোঁৱৰে কয়, "দোষী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে বিভাগীয় তদন্তত বিশ্বাস নকৰি চৰকাৰে এজনীয়া তদন্ত সমিতি গঠন কৰিছে ৷"
উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৃহস্পতিবাৰে এই দুৰ্ঘটনাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Minister Chandramohan Patowary)ৰ পদত্যাগ দাবী কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|