বোৱাৰীয়েকলৈ নগ’ল সাহিত্য সভাৰ নিমন্ত্ৰণী পত্ৰ, আক্ষেপ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীৰ

News18 Assam | News18-Assam
Updated:February 4, 2020, 12:15 PM IST
বোৱাৰীয়েকলৈ নগ’ল সাহিত্য সভাৰ নিমন্ত্ৰণী পত্ৰ, আক্ষেপ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীৰ
স্মৃতিগ্ৰন্থত বাৰেপাচি ভুলৰ পিছত পোহৰলৈ আহিছে আন এক খেলিমেলি।

স্মৃতিগ্ৰন্থত বাৰেপাচি ভুলৰ পিছত পোহৰলৈ আহিছে আন এক খেলিমেলি।

  • Share this:
অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ আজি অন্তিম দিন। বিভিন্ন বিসংগতিৰ মাজেৰে আজি অন্ত পৰিব শুৱালকুছি অধিৱেশনৰ। স্মৃতিগ্ৰন্থত বাৰেপাচি ভুলৰ পিছত পোহৰলৈ আহিছে আন এক খেলিমেলি। সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনলৈ আমন্ত্ৰণ নাপালে ৰাজ্যৰ বহু বিশিষ্ট লোকে। সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহেও নাপালে শুৱালকুছি অধিৱেশনৰ নিমন্ত্ৰণী পত্ৰ। কাৰোবাৰ হাতত প্ৰেৰণ কৰা হৈছিল যদিও সেই পত্ৰ নপৰিলগৈ ইমৰাণ শ্বাহৰ হাতত।

এই ঘটনাক লৈ সাহিত্য সভাৰ নৱনিৰ্বাচিত উপ–সভানেত্ৰী তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইমৰান শ্বাহলৈ হয়তো কাৰোবাৰ হাতত চিঠি প্ৰেৰণ কৰা হৈছিল, কিন্তু হাতত নপৰিলগৈ। কিয় নিমন্ত্ৰণী পত্ৰ নাপালে সেয়া মোৰো বোধগম্য নহয়। ইয়াৰ তদন্ত হ’ব। আনহাতে, হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই সাহিত্য সভাৰ পৰা নিমন্ত্ৰণী পত্ৰ নোপোৱাতো আক্ষেপ প্ৰকাশ কৰে মৃণালিনী দেৱীয়ে।

এই খেলিমেলিৰ আঁৰত ষড়যন্ত্ৰৰ সন্দেহ মৃণালিনী দেৱীৰ। দেৱীয়ে কয় – সভাৰ আভ্যন্তৰত কি হৈ আছে পিছত ক’ম। আমি নতুনকৈ আহিছো, সকলো কথা ক’ব নোৱাৰো। সভাৰ আভ্যন্তৰত কি হৈ আছে মই পিছত ক’ম।’
আৰু চাওক
পৰৱৰ্তী বাতৰি