বিধানসভাৰ প্ৰধান সচিবে সদৰি কৰা মতে, চৰকাৰলৈ পৰামৰ্শ হিচাপে প্ৰেৰণ কৰা কমিটীৰ সিদ্ধান্তক কাৰ্যকৰী কৰিবলৈ বাধ্য নহয় চৰকাৰ৷
বিধানসভাৰ প্ৰধান সচিবে সদৰি কৰা মতে, চৰকাৰলৈ পৰামৰ্শ হিচাপে প্ৰেৰণ কৰা কমিটীৰ সিদ্ধান্তক কাৰ্যকৰী কৰিবলৈ বাধ্য নহয় চৰকাৰ৷
শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ বিষয়ক লৈ এতিয়া উত্তাল ৰাজ্যৰ ৰাজনীতি৷ আচলতে এই বিষয়ত অসম বিধানসভাৰ শিক্ষা বিভাগৰ স্থায়ী কমিটীয়ে দিছিল এক সিদ্ধান্ত৷ শাসক-বিৰোধীৰ পোন্ধৰজনীয়া বিধায়কক লৈ গঠিত এই স্থায়ী কমিটিয়ে বহুকেইটা সিদ্ধান্তৰ ভিতৰৰ এটা সিদ্ধান্ত আছিল শংকৰদেৱ কলাক্ষেত্ৰত চৰ-চাপৰিৰ জন-জীৱনক প্ৰতিফলিত কৰা এক মিউজিয়াম স্থাপনৰ৷
এই সন্দৰ্ভত কমিটীয়ে লোৱা সিদ্ধান্ত অসম বিধানসভাত দাখিল কৰা হৈছিল৷ বিধানসভাত দাখিল কৰা প্ৰতিবেদনক চৰকাৰলৈ কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ হিচাপে প্ৰেৰণ কৰে বিধানসভাৰ সচিবালয়ে৷ শিক্ষা বিভাগৰ স্থায়ী কমিটীৰ দৰে অসম বিধানসভাৰ ২৪খন কমিটীয়ে লোৱা সিদ্ধান্তসমূহকো একেটা নিয়ম অনুসৰিয়েই বিধানসভাত দাখিল কৰা হয়৷ সদনত দাখিলৰ পিছত ৰাজ্য চৰকাৰলৈ কাৰ্যকৰী কৰাৰ বাবে পৰামৰ্শ হিচাপে প্ৰেৰণ কৰা হয়৷ এই নিয়মাৱলীৰ কথা মঙলবাৰে সদৰি কৰে বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই৷
পিছে বিধানসভাৰ কমিটীসমূহে লোৱা সিদ্ধান্তক কাৰ্যকৰী কৰিবলৈ বাধ্য নে ৰাজ্য চৰকাৰ? ৰাজ্য চৰকাৰে স্থাপন কৰিবনে মিঞা মিউজিয়াম?
বিধানসভাৰ প্ৰধান সচিবে সদৰি কৰা মতে, চৰকাৰলৈ পৰামৰ্শ হিচাপে প্ৰেৰণ কৰা কমিটীৰ সিদ্ধান্তক কাৰ্যকৰী কৰিবলৈ বাধ্য নহয় চৰকাৰ৷ চৰকাৰে ভাল বুলি ভাবিলে কাৰ্যকৰী কৰিব পাৰে, নকৰো বুলি ভাবিলে নকৰিব পাৰে৷ এইক্ষেত্ৰত বাধ্যবাধকতা নাই৷
কিন্তু চৰ-চাপৰিৰ জন-জীৱনক প্ৰতিফলিত কৰিব পৰা এটা মিউজিয়াম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্থাপন কৰাৰ বাবে শিক্ষা বিভাগৰ স্থায়ী কমিটীয়ে লোৱা সিদ্ধান্তক লৈ এতিয়া চলিছে তুমুল ৰাজনীতি৷ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে এই বিষয়টোক লৈ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে আৰম্ভ কৰি দিলে ৰাজনীতি৷ ইয়াত হাত উজান দিছে শাসকীয় BJP–এ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|