শিক্ষাৰ্থী কালতে তেওঁ সকলো সামাজিক কাৰ্যকলাপৰ জৰিয়তে বহু লোকৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
শিক্ষাৰ্থী কালতে তেওঁ সকলো সামাজিক কাৰ্যকলাপৰ জৰিয়তে বহু লোকৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
নিৰ্মল এডুকেচনেল ট্ৰাষ্টে প্ৰদান কৰা ২০২২ চনৰ যুৱ উদ্যমী সন্মান বঁটা লাভ কৰিছে হীৰকজ্যোতি চলিহাই। এই বঁটা ৩ জুলাইত গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত চলিহাক প্ৰদান কৰা হয়।
টেকনিকেল লিবাৰ্টীৰ দিশত চলিহাৰ (Mr Hirakjyoti Chaliha) অগ্ৰণী ভূমিকাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। সৰ্বোচ্চ মানেৰে সামাজিক কামত প্ৰদৰ্শন কৰা উৎকৃষ্টতাৰ বাবে সন্মানিত চলিহাই সম্প্ৰতি শিক্ষাৰ্থী ৰূপে অধ্যয়নৰত হৈ আছে।
শিক্ষাৰ্থী কালতে তেওঁ সকলো সামাজিক কাৰ্যকলাপৰ জৰিয়তে বহু লোকৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এই বঁটাৰ (Yuva Udyami Sanman 2022) জৰিয়তে সন্মানিত হোৱা চলিহা ভৱিষ্যতে এজন সুনাগৰিক ৰূপে সামাজিক অৱদান আগবঢ়োৱাৰ কামনা কৰে নিৰ্মল এডুকেচনেল ট্ৰাষ্টে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|