মুখ্যপৃষ্ঠা »খবৰ »অসম »SIVASAGAR : শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত ট্ৰেক্টৰেৰে মাটি চহালে  সাংসদ আৰু বিধায়কে

SIVASAGAR : শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত ট্ৰেক্টৰেৰে মাটি চহালে  সাংসদ আৰু বিধায়কে

৩০০ বিঘা ভূমিত সৰিয়হৰ খেতি আৰম্ভ

৩০০ বিঘা ভূমিত সৰিয়হৰ খেতি আৰম্ভ

৩০০ বিঘা ভূমিত সৰিয়হৰ খেতি আৰম্ভ

  • Share this:

স্থান শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰ। বুধবাৰে  বিশাল জেৰেঙা পথাৰত ব্যতিক্ৰমী ৰূপত দেখা গ'ল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোহাঁই, বিজেপিৰ শিৱসাগৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁইসহ একাংশ  বিজেপি কৰ্মীক।


দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ঢৌৰ মাজতে ঐতিহাসিক জেৰেঙা পথাৰত ট্ৰেক্টৰেৰে মাটিৰ চহাই কৃষকৰ ৰূপত ধৰা দিলে বিজেপি সাংসদ তপন কুমাৰ গগৈ, থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে।


ভাৰতীয় জনতা পাৰ্টীৰ অ' বি চি মৰ্চাৰ জিলা সমিতি, মণ্ডল সমিতিৰ উদ্যোগত তথা জেৰেঙা সমন্বয় কৃষক গোটৰ সহযোগত কৰিবলৈ লোৱা সৰিয়হ খেতিৰ ট্ৰেক্টৰ চলাই শুভাৰম্ভ কৰে তপন কুমাৰ গগৈ, সুশান্ত বৰগোহাঁইসহ বিজেপি কৰ্মীসকলে।


লক্ষণীয় যে ঐতিহাসিক জেৰেঙা পথাৰৰ ৩০০ বিঘা ভূমিত প্ৰথমবাৰৰ বাবে বিজেপিৰ শিৱসাগৰ জিলা অ'বি চি মৰ্চাই সৰিয়হ খেতি কৰাৰ পদক্ষেপ হাতত লৈছে। স্ব–নিৰ্ভৰশীলতা অথবা আত্মনিৰ্ভৰশীলতাৰ আদৰ্শ কৃষিৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ  এনে ইতিবাচক কাৰ্যপন্থা হাতত লোৱা বুলি শুভাৰম্ভণী অনুষ্ঠানত সদৰী কৰে শিৱসাগৰ জিলা যুৱ মৰ্চাৰ সভাপতি হৰিপ্ৰসন্ন হাজৰিকাই।


ইপিনে চুৰিয়া পিন্ধিয়েই ট্ৰেক্টৰ চলাই মাটি চহোৱাত ব্যস্ত হৈ পৰা বিধায়ক সুশান্ত বৰগোহাঁয়ে। বিজেপিৰ যুৱ মৰ্চাৰ পদক্ষেপৰ শলাগ লয় তেওঁ। লগতে 'সৰিয়হ খেতি'ৰ শুভাৰম্ভণী অনুষ্ঠানত কেইবাগৰাকী খেতিয়কক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

শেহতীয়া বাতৰি