ৰাজনীতিতহে আমাৰ আদৰ্শগত পাৰ্থক্য! তপন গগৈ আৰু শৰৎ বৰকটকীৰ এখন "মূল্যবোধৰ ৰাজনীতিৰ ছবি"

দলীয় আদৰ্শ বেলেগ হ'লেও ইজনৰ সিজনৰ প্ৰতি আছে গভীৰ শ্ৰদ্ধা আৰু মৰম

News18-Assam
Updated:October 12, 2019, 5:38 PM IST
ৰাজনীতিতহে আমাৰ আদৰ্শগত পাৰ্থক্য! তপন গগৈ আৰু শৰৎ বৰকটকীৰ এখন
দলীয় আদৰ্শ বেলেগ হ'লেও ইজনৰ সিজনৰ প্ৰতি আছে গভীৰ শ্ৰদ্ধা আৰু মৰম
News18-Assam
Updated: October 12, 2019, 5:38 PM IST
সোণাৰী সমষ্টিৰ দুই প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী কেমেৰাৰ লেঞ্চত বন্দী হ'ল। সোণাৰী সমষ্টিক দীৰ্ঘদিন ধৰি প্ৰতিনিধিত্ব কৰা শৰৎ বৰকটকী আৰু সাংসদ তপন গগৈক সোণাৰী উপনিৰ্বাচনৰ প্ৰাকক্ষণত দেখা গ'ল এনেকৈয়ে ৷ দলীয় আদৰ্শ বেলেগ হ'লেও ইজনৰ সিজনৰ প্ৰতি আছে গভীৰ শ্ৰদ্ধা আৰু মৰম ৷

২০১৬ৰ নিৰ্বাচনত তপন গগৈৰ হাতত পৰাজিত হৈছিল জ্যেষ্ঠ কংগ্ৰেছী নেতা শৰৎ বৰকটকী ৷ চৰাইদেউ জিলাৰ সোণাৰীৰ পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল স্বৰ্ণ জয়ন্তী ভাগ লোৱাৰ সময়ত দুই নেতাৰ মাজত চলি থকা আলোচনাৰ মাজতে দুয়ো বন্দী হ'ল কেমেৰাত ৷ ১০৬নং সোণাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ পূৰ্বে কেমেৰাত বন্দী হোৱা এইখন ছবিত চছিয়েল মিডিয়াত একাংশই নাম দিছে "মূল্যবোধৰ ৰাজনীতিৰ ছবি" ৷
আৰু চাওক পৰৱৰ্তী বাতৰি