শিৱসাগৰ জিলাৰ হাঁহচৰাৰ বোকানগৰ সন্দিকৈ গাঁৱৰ যুৱতী ঋতুমণি হাজৰিকাৰ চিকিৎসাৰ দায়িত্ব ল'লে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে । স্নাতক ডিগ্ৰীধাৰী মেধাৱী ছাত্ৰীগৰাকী দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ঋতুমণিক প্ৰাথমিক চিকিৎসা কৰাইছিল যদিও অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰাব পৰা নাছিল।
ঋতুমণিৰ ৰোগৰ বিষয়ে সংবাদ মাধ্যমৰ যোগেদি জানিব পাৰিছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে৷ আজি সাংসদগৰাকী ঋতুমণিৰ ঘৰত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে। এখন এম্বুলেঞ্চৰ যোগেদি ঋতুমণিক চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন নাৰ্ছিংহোমখনলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসাৰ সময়ত থকা–খোৱা খৰচৰ বাবদ ঋতুমণিৰ পৰিয়ালৰ হাতত নগদ ৫০ হাজাৰ টকা প্ৰদান কৰে। ঋতুমণিৰ চিকিৎসাৰ বাবদ ব্যয় হ'ব লগা সকলো খৰচ সাংসদ তপন কুমাৰ গগৈয়ে নিজে বহন কৰিব।
হাঁহচৰা বোকানগৰৰ নিবাসী ৰঞ্জিত হাজৰিকাৰ একমাত্ৰ কন্যা ঋতুমণি হাজৰিকা দুৰাৰোগ্য ৰোগত আক্ৰান্ত। বহু চিকিৎসাৰ অন্তত শেহতীয়াকৈ যুৱতীগৰাকী ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত বুলি স্পষ্ট হৈছে৷ কিন্তু ধনৰ অভাৱৰ বাবে উন্নত চিকিৎসা কৰিব পৰা নাছিল যুৱতীগৰাকীৰ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।