• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘শ্বহীদক অপমান কৰাৰ অধিকাৰ কাৰো নাই, শ্বেৰমানে উচিত শাস্তি পাব লাগিব’ – ক’লে সাংসদ তপন গগৈয়ে

‘শ্বহীদক অপমান কৰাৰ অধিকাৰ কাৰো নাই, শ্বেৰমানে উচিত শাস্তি পাব লাগিব’ – ক’লে সাংসদ তপন গগৈয়ে

‘এজন জনপ্ৰতিনিধিয়ে এনেকুৱা টুলুঙা মন্তব্য কৰা উচিত নহয়। তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্যক আমি আদৰণি জনাইছো।’

  • Share this:
শ্বেৰমান আলীৰ গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা উচিত পদক্ষেপ। শ্বেৰমান আলীক এগৰাকী জনপ্ৰতিনিধি হিচাপে অসমবাসী ৰাইজে নিবিচাৰে। বিদেশীক সমৰ্থন কৰি খিলঞ্জীয়াক অপমান কৰা অধিকাৰ শ্বেৰমান আলীৰ নাই, গতিকে তেওঁক জনপ্ৰতিনিধি নোহোৱা এটা পদক্ষেপ চৰকাৰে লওক। এই মন্তব্য সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰৰ।

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে কয় যে অসম চুক্তি প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধ। অসম আন্দোলনৰ শ্বহীদসকলক অপমান কৰা অধিকাৰ কাৰো নাই, গতিকে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিছে। তেওঁ উচিত শাস্তি পাব লাগিব। অসম আন্দোলনৰ সময়ত ৮৫৫ জনকৈ অধিক লোক শ্বহীদ হৈছে, তেনে সময়ত এজন জনপ্ৰতিনিধিয়ে এনেকুৱা টুলুঙা মন্তব্য কৰা উচিত নহয়। তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্যক আমি আদৰণি জনাইছো।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি