• Home
  • »
  • News
  • »
  • assam
  • »
  • মুখ্যমন্ত্ৰীৰ নতুন NRCৰ দাবীক লৈ সৰৱ সুস্মিতা দেৱ, ক’লে – সেই সকলো অথলে গ’ল নেকি?

মুখ্যমন্ত্ৰীৰ নতুন NRCৰ দাবীক লৈ সৰৱ সুস্মিতা দেৱ, ক’লে – সেই সকলো অথলে গ’ল নেকি?

এনআৰচিৰ পুনৰীক্ষণ বিচাৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৰণি এনআৰচিখন ৰিভিউ কৰি নতুন এনআৰচিৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন NRCৰ দাবীক লৈ সৰৱ তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুস্মিতা দেৱে এক টুইট কৰিছে। টুইটত নেত্ৰীগৰাকীয়ে লিখিছে, ‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে নতুন NRCৰ দাবী কৰিছে! অসমৰ মানুহে বহুদিন ধৰি শাৰীত থিয় হ’ল। বহু লোকে তেওঁলোকৰ লিগেচী দেখুৱাবলৈ ৰাজ্যজুৰি ভ্ৰমণ কৰি নিজৰ জমা ধন খৰচ কৰিলে। এয়া এক দীঘলীয়া প্ৰক্ৰিয়া আছিল য’ত অসমৰ বিষয়াসকলৰ সাধাৰণ কৰ্তব্য ব্যাহত হৈছিল। এই সকলো অথলে গ’ল নেকি?’’

উল্লেখযোগ্য যে এনআৰচিৰ পুনৰীক্ষণ বিচাৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৰণি এনআৰচিখন ৰিভিউ কৰি নতুন এনআৰচিৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কৈছিল, ‘‘আমি আগৰ পৰাই কৈ আছো যে পুৰণা এনআৰচিখন ৰিভিউ হ’ব লাগে, নতুনকৈ হ’ব লাগে। এয়া আমি প্ৰথমৰ পৰা কৈ আছো। আমি ইলেকচনৰ মিটিং বিলাকত কৈ আছো, আজিও কৈছো, আছুৰ লগতো আলোচনা চলি আছে যে পুৰণা এনআৰচিখন ৰিভিউ হ’ব লাগে, নতুনকৈ কৰিব লাগে।’’
Published by:Sanjay Kumar Das
First published: