• Home
  • »
  • News
  • »
  • assam
  • »
  • NRCৰ দ্বিতীয়খন তালিকাত নাম থকা লোকৰ আধাৰ কাৰ্ড বিচাৰি  উচ্চতম ন্যায়ালয়ত সুস্মিতা দেৱৰ আৰ্জি, আজি শুনানি

NRCৰ দ্বিতীয়খন তালিকাত নাম থকা লোকৰ আধাৰ কাৰ্ড বিচাৰি  উচ্চতম ন্যায়ালয়ত সুস্মিতা দেৱৰ আৰ্জি, আজি শুনানি

সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ, ৰাজ্য আৰু আধাৰ পঞ্জীয়কলৈ(UIDAI) প্ৰেৰণ কৰিলে জাননী 

সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ, ৰাজ্য আৰু আধাৰ পঞ্জীয়কলৈ(UIDAI) প্ৰেৰণ কৰিলে জাননী 

সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ, ৰাজ্য আৰু আধাৰ পঞ্জীয়কলৈ(UIDAI) প্ৰেৰণ কৰিলে জাননী 

  • Share this:
সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ২০১৯ চনৰ আগষ্টত প্ৰকাশ পোৱা পৰিপূৰক (Supplementary) তালিকাত অন্তৰ্ভুক্ত ২৭ লক্ষ লোকক আধাৰ প্ৰদান কৰাৰ পোষকতা কৰি দাখিল কৰা জনস্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰ, ৰাজ্য আৰু Unique Identification Authority of Indiaলৈ জাননী প্ৰেৰণ কৰে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই আবেদনৰ ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে সোমবাৰে শুনানি গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে সৰ্বোচ্চ ন্যায়ালয়ে ভাৰতৰ মহাপঞ্জীয়কক উত্তৰ বিচাৰি জাননী প্ৰেৰণ কৰে।

উচ্চতম ন্যায়ালয়ত আবেদনকাৰীক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা বিশ্বজিৎ দেৱে ২০১৮ চনৰ ডিচেম্বৰত প্ৰকাশ পোৱা প্ৰথমখন তালিকাত অন্তৰ্ভুক্ত হোৱাসকলে  যিধৰণে আধাৰ কাৰ্ড পাইছে অনুৰূপ ধৰণে দ্বিতীয়খন তালিকাত স্থান পোৱা ২৭ লক্ষ লোকক আধাৰ দিব লাগে বুলি যুক্তি প্ৰদান কৰে।

আধাৰ আইনত প্রতিজন দেশবাসীৰে আধাৰ কাৰ্ডৰ কাৰণে যোগ্যতা আছে বুলি উল্লেখ থকাৰ কথাও দেৱে ন্যায়ালয়ক অৱগত কৰে। অধিবক্তাৰ যুক্তি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে জাননী প্ৰেৰণ কৰে।

আবেদন জমা কৰা Advocate-on-Record তুলিকা মুখাৰ্জীয়ে কয়– ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয়খন তালিকাত অন্তৰ্ভুক্ত লোকসকলক আধাৰ পঞ্জীয়কে কাৰ্ড প্রদান কৰাৰ পৰা বিৰত আছে । তেওঁৰ মতে এনে কাৰ্য সংবিধানৰ অনুচ্ছেদ ১৪ৰ পৰিপন্থী।
Published by:Gautam Barman
First published: