আছু, শিল্পী সমাজৰ আন্দোলনক উপলুঙা সাংসদ কুইন ওজাৰ, ক’লে – প্ৰতিবাদ কৰিবলৈ নহয়, গান শুনিবলৈ আহে মানুহ

News18 Assam | News18-Assam
Updated:December 29, 2019, 5:35 PM IST
আছু, শিল্পী সমাজৰ আন্দোলনক উপলুঙা সাংসদ কুইন ওজাৰ, ক’লে – প্ৰতিবাদ কৰিবলৈ নহয়, গান শুনিবলৈ আহে মানুহ
কুইন ওজাৰ মন্তব্য – জুবিনক গান গোৱাই মানুহ দেখুওৱাৰ চেষ্টা কৰিছে আছু–শিল্পী সমাজে।

কুইন ওজাৰ মন্তব্য – জুবিনক গান গোৱাই মানুহ দেখুওৱাৰ চেষ্টা কৰিছে আছু–শিল্পী সমাজে।

  • Share this:
আছুকে ধৰি বিভিন্ন দল–সংগঠন তথা শিল্পী সমাজৰ নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনক উপলুঙা সাংসদ কুইন ওজাৰ। শুৱালকুছিত সাংসদগৰাকীয়ে ক’লে – ‘গান গাই কৰা প্ৰতিবাদলৈ গান শুনিবলৈহে আহে মানুহ। গান শেষ হ’লে মানুহ গুচি যায়। জুবিনক গান গোৱাই মানুহ দেখুওৱাৰ চেষ্টা কৰিছে।’

উল্লেখযোগ্য যে CAAৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অব্যাহত আছে প্ৰতিবাদ৷ প্ৰতিবাদত অংশ লৈছে ৰাজ্যৰ শিল্পী সমাজেও৷ শেহতীয়াকৈ প্ৰতিখন প্ৰতিবাদস্থলীতে গীত–কবিতাৰে প্ৰতিবাদ কৰিছে শিল্পীয়ে৷ এনে প্ৰতিবাদক আজি উপলুঙা কৰিলে গুৱাহাটীৰ সাংসদ কুইন ওজাই৷
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি