'মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰাৰ নামত মাৰিলে পাভলুটি! 'ভাৰত মাতা কি জয়'- বুলি কোৱা মুখ্যমন্ত্ৰীয়ে মাতৃসকলক প্ৰৱঞ্চনা কৰিলে'- মুখ্যমন্ত্ৰীলৈ তীব্ৰ বাক্যবান সাংসদ প্ৰদুৎ বৰদলৈৰ

News18 Assam | News18-Assam
Updated:June 13, 2021, 4:44 PM IST
'মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰাৰ নামত মাৰিলে পাভলুটি! 'ভাৰত মাতা কি জয়'- বুলি কোৱা মুখ্যমন্ত্ৰীয়ে মাতৃসকলক প্ৰৱঞ্চনা কৰিলে'- মুখ্যমন্ত্ৰীলৈ তীব্ৰ বাক্যবান সাংসদ প্ৰদুৎ বৰদলৈৰ
ছাত্র-ছাত্ৰীৰ ভবিষ্যতৰ কথা চিন্তা কৰি চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈও আহ্বান জনাই সাংসদ বৰদলৈয়ে

ছাত্র-ছাত্ৰীৰ ভবিষ্যতৰ কথা চিন্তা কৰি চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈও আহ্বান জনাই সাংসদ বৰদলৈয়ে

  • Share this:
'ভাৰত মাতা কি জয় বুলি কৈ থকা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মাতৃ সকলক প্ৰৱঞ্চনা কৰিছে।'- মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ সম্পৰ্কত এই মন্তব্য কৰিলে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।  দেওবাৰে ৰহাৰ পশ্চিম কচুৱা আৰু খলিহামাৰীত কণ্টেইনমেণ্ট জ'নত থকা লোকসকলক খাদ্য যোগান ধৰিবলৈ অহা সাংসদগৰাকীয়ে সাংবাদিকৰ আগত লগতে কয় যে, 'বিজেপি দলটোৰ মুৰব্বীজনৰ পৰাই সকলোৱে মিছা কথা কোৱা আৰু পাভলুটি মৰাত ওস্তাদ হৈছে।'

ইপিনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্দৰ্ভতো মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।  ছাত্ৰ ছাত্ৰীৰ যাতে এটা শৈক্ষিক বৰ্ষ যাতে অথলে নাযায় তাৰবাবে কোভিড প্ৰ'টকল মানি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই সাংসদগৰাকীয়ে।

উল্লেখ্য যে, দেওবাৰে  সাংসদ বৰদলৈয়ে ৰহাৰ পশ্চিম কচুৱা আৰু খলিহামাৰীৰ কণ্টেইনমেণ্ট জ'নত থকা কোভিড আক্ৰান্ত পৰিয়ালৰ মাজত খাদ্যসামগ্ৰীৰ লগতে চেনিটাইজাৰ, মাস্ক আদিও বিতৰণ কৰে। সাংসদগৰাকীয়ে ৰহাৰ বামুণীজানৰ এগৰাকী কিডনি ৰোগত আক্ৰান্ত হৈ থকা দৰিদ্ৰ মেধাৱী ছাত্ৰী পূজা হাজৰিকাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আৰ্থিক সাহাৰ্য‌ও আগবঢ়ায়।
Published by: Himangshu Bhuyan
First published: June 13, 2021, 4:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি