உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ১৪ দিনলৈ কোৱাৰেণ্টাইনত থাকিব সাংসদ প্ৰদ্যুত্‍ বৰদলৈ, স্বেচ্ছাই কৰিলে কোৰোণা পৰীক্ষা 

    ১৪ দিনলৈ কোৱাৰেণ্টাইনত থাকিব সাংসদ প্ৰদ্যুত্‍ বৰদলৈ, স্বেচ্ছাই কৰিলে কোৰোণা পৰীক্ষা 

    উত্তৰ-পূৱ ভাৰতৰ আমিৰী শ্বৰীয়ত, ভাৰতৰ প্ৰখ্যাত ধৰ্মগুৰু আলহাজ মৌলানা খাইৰুল ইছলাম মুফটিৰ জানাজাত হোৱা জনসমাগত উপস্থিত থকাৰ বাবে স্বেচ্ছাই নিজৰ স্বাৱ পৰীক্ষা কৰালে নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

    • Share this:
    উত্তৰ-পূৱ ভাৰতৰ আমিৰী শ্বৰীয়ত, ভাৰতৰ প্ৰখ্যাত ধৰ্মগুৰু আলহাজ মৌলানা খাইৰুল ইছলাম মুফটিৰ জানাজাত হোৱা জনসমাগত উপস্থিত থকাৰ বাবে স্বেচ্ছাই নিজৰ স্বাৱ পৰীক্ষা কৰালে নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। উল্লেখযোগ্য যে, বিশিষ্ট ধৰ্মগুৰুগৰাকীৰ জানাজাত হোৱা জনসমাগমত উপস্থিত আছিল কেইবাগৰাকীও হাইপ্ৰফাইল ৰাজনৈতিক নেতা।

    সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰিও আন দুগৰাকী বিধায়কেও জুৰীয়াৰ দ-গাঁৱত অনুস্থিত জানাজাত অংশ গ্ৰহণ কৰিছিল যদিও সাংসদ গৰাকীৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে সাংসদ গৰাকীক সমালোচনা কৰিছিল বহুতে।

    ইতিমধ্যে এই জনসমাগমৰ পৰা কোৰোণা সংক্ৰমিত হোৱাৰ আশংকাত নগাঁও জিলা প্ৰশাসনে জানাজা অনুস্থিত হোৱা খেলপথাৰৰ কাষৰ তিনিখন গাঁৱত ৭দিনৰ বাবে ল’ক ডাউন ঘোষণা কৰিছিল। নগাঁও আৰক্ষীয়ে ইতিমধ্যে এই সংক্ৰান্তত নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰাৰ উপৰিও ধিং চক্ৰ বিষয়াৰ গোচৰৰ ভিত্তিত আন এটা গোচৰ ৰুজু কৰিছে। ইয়াৰ পিছতে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দায়িত্ববোধৰ পৰিচয় দি নিজাববীয়াকৈ স্বাৱ টেষ্ট কৰা আৰু ১৪ দিনৰ বাবে কোৱাৰেণ্টেইনত থকাৰ বাবে লোৱা সিদ্ধান্তক প্ৰশংসা কৰিছে নগাঁৱৰ ৰাইজে। পিছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এই সিদ্ধান্তৰ বিপৰীতে নগাঁৱৰ আন দুগৰাকী বিধায়ক  জানাজাত উপস্থিত থকাৰ পিছতো স্বাৱ টেষ্টৰ বাবে আগবাঢ়ি অহা নাই।
    First published: