কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত মল্লিকাৰ্জুন খাৰ্গেৰ বিজয়ৰ পিছতেই হঠাৎ বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা গৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈক। আজি নগাঁৱৰ টকৌবাৰীত বিধায়ক ৰূপক শৰ্মাৰ সৈতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোঁজনাৰ ৮ টাকৈ পথ মুকলি কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ভূয়সী প্ৰশংসা কৰিলে বিধায়ক ৰূপক শৰ্মাক।
সাংসদ বৰদলৈয়ে লগতে তেওঁৰ সংসদীয় সমষ্টিত হোৱা উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰে। উন্নয়নৰ ক্ষেত্ৰত ৰাজনৈতিক সংকীৰ্ণতা বাদ দি যৌথভাৱে কাম কৰি যোৱাৰ পোষকতা কৰি সাংসদ গৰাকীয়ে কয়, "বিধায়ক ৰূপক শৰ্মা এগৰাকী আধুনিক মনৰ উন্নয়ন অভিলাষী আৰু উদাৰ মনৰ ব্যক্তি"।
উল্লেখযোগ্য যে, সাংসদগৰাকীয়ে পথ উদ্বোধন উপলক্ষে আয়োজন কৰা সভাত কৰা এই মন্তব্যৰ সময়ত মঞ্চত বিধায়ক ৰূপক শৰ্মাও উপস্থিত আছিল। আনহাতে, সাংসদগৰাকীয়ে উন্নয়নৰ ক্ষেত্ৰত যৌথভাৱে কাম কৰি যোৱাৰ পোষকতা কৰা সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মায়ো সঁহাৰি জনাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ বাবেই সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও সদৰ সমষ্টিতো ব্যাপক উন্নয়ন হৈছে। অৱশ্যে অনাগত লোকসভা নিৰ্বাচনত নগাঁৱত বিজেপিৰ জয় নিশ্চিত বুলিও বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে।
উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক প্ৰায় ১৭ হাজাৰ ভোটত পৰাজিত কৰি প্ৰথমবাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈ। পিছে বিগত নিৰ্বাচনত এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। কিন্তু এইবাৰ কংগ্ৰেছৰ বিপক্ষে এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো প্ৰায় খাটাং হৈ পৰিছে। তেনে পৰিস্থিতিত নগাঁও লোকসভা সমষ্টি পুনৰ বিজেপিৰ দখললৈ যোৱাৰ সম্ভাৱনাই বেছি। আনহাতে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচৰাত সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি চলি থকা লবীকেন্দ্ৰিক ৰাজনীতিয়ে অতিষ্ঠ কৰি তুলিছে দলটোৰ বহু নিষ্ঠাৱান কৰ্মীক।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|