মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ড° হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ বাবে সম্পদ আছিল, তেওঁক মই শেষ মুহূৰ্তলৈ কংগ্ৰেছ এৰি নাযাবলৈ অনুৰোধ জনাইছিলো, ক’লে প্ৰদ্যুৎ বৰদলৈয়ে

ড° হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ বাবে সম্পদ আছিল, তেওঁক মই শেষ মুহূৰ্তলৈ কংগ্ৰেছ এৰি নাযাবলৈ অনুৰোধ জনাইছিলো, ক’লে প্ৰদ্যুৎ বৰদলৈয়ে

News18 Assam | News18-Assam
Updated:August 17, 2021, 6:27 PM IST
ড° হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ বাবে সম্পদ আছিল, তেওঁক মই শেষ মুহূৰ্তলৈ কংগ্ৰেছ এৰি নাযাবলৈ অনুৰোধ জনাইছিলো, ক’লে প্ৰদ্যুৎ বৰদলৈয়ে
সঘনে জ্যেষ্ঠ কংগ্ৰেছীয়ে দলত্যাগ কৰা সন্দৰ্ভত তেঁও কয়, "কংগ্ৰেছে কৰ্প’ৰেটৰ আৰ্হিত তৃণমূল কৰ্মীক গুৰুত্ব দি দলটো শক্তিশালী কৰিব লাগিব।" 

সঘনে জ্যেষ্ঠ কংগ্ৰেছীয়ে দলত্যাগ কৰা সন্দৰ্ভত তেঁও কয়, "কংগ্ৰেছে কৰ্প’ৰেটৰ আৰ্হিত তৃণমূল কৰ্মীক গুৰুত্ব দি দলটো শক্তিশালী কৰিব লাগিব।" 

  • Share this:
"মই কংগ্ৰেছ এৰা সন্দৰ্ভত এচাম ৱেব পৰ্টেলে মুখৰোচক বাতৰি সম্প্ৰচাৰ কৰি ৰাইজক বিভ্ৰান্ত কৰিছে। কিন্তু মই কংগ্ৰেছৰ প্ৰতি কিমান নিষ্ঠাৱান সেই সন্দৰ্ভত কোনো অগ্নিপৰীক্ষা দিয়াৰ প্ৰয়োজন নাই বুলি মই ভাবো।"- আজি নগাঁৱত News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈয়ে।

নগাঁৱৰ নিজা বাসভৱনত আজি News18ৰে হোৱা সাক্ষাৎকাৰত সাংসদ গৰাকীয়ে কয়, "ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নতুন দিল্লীত হোৱা সাক্ষাৎ সৌহাৰ্দপূৰ্ণ। শৰৎ সিংহৰ সময়ৰে পৰা মুখ্যমন্ত্ৰী সকলে দিল্লীলৈ গ'লে লোকসভাৰ সাংসদ সকলৰ সৈতে আলোচনাত মিলিত হৈ ৰাজ্যৰ সমস্যা সন্দৰ্ভত লোকসভাত উত্থাপন কৰাৰ বিষয়ে আলোচনা কৰাটো এক নিয়ম। সেয়ে তেওঁলোক ভোজমেলত মিলিত হৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে অতি আন্তৰিকতাৰে তেওঁক নিমন্ত্ৰণ কৰিছিল। কিন্তু এই বিষয়টোকে এচাম সংবাদ মাধ্যমে তিলটোকে তাল কৰি প্ৰচাৰ কৰা বুলিও তেওঁ আক্ষেপ কৰে।

আনহাতে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মাজত সততে চলা বাকযুদ্ধ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মোৰ ৰাজনৈতিক মতাদৰ্শ পৃথক। কিন্তু ইয়াৰ বাহিৰে তেওঁ মোৰ একালৰ সতীৰ্থ। তেওঁ ৰাজনৈতিকভাৱে অতি বিচক্ষণ। তেওঁ কংগ্ৰেছ দলৰ বাবে সম্পদ আছিল আৰু তেওঁক শেষ মুহূৰ্তলৈকে কংগ্ৰেছ ত্যাগ নকৰিবলৈ মই অনুৰোধ জনাইছিলো। ৰাজনৈতিক বাকযুদ্ধ থাকিব কিন্তু সেইবুলিটো আমি পশু নহয়। আমি এখন সমাজত থাকো আৰু আমাৰ মাজত ৰাজনীতিৰ বাহিৰে আন বিষয়ত সহযোগ সদায় থাকিব।"

ইপিনে সঘনে জ্যেষ্ঠ কংগ্ৰেছীয়ে দলত্যাগ কৰা সন্দৰ্ভত তেঁও কয়, "কংগ্ৰেছে কৰ্প’ৰেটৰ আৰ্হিত তৃণমূল কৰ্মীক গুৰুত্ব দি দলটো শক্তিশালী কৰিব লাগিব।"

আনহাতে, তৃণমূল কংগ্ৰেছৰ পৰা তেওঁক যোগাযোগ কৰিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "বিভিন্ন দলৰ পৰা মোক যোগাযোগ কৰিছে কিন্তু তেওঁলোকৰ অনুৰোধ মই সবিনয়ে প্ৰত্যাখান কৰিছো।"
Published by: Sanjay Kumar Das
First published: August 17, 2021, 6:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি