বিজেপিৰ বি টীম হৈ কাম কৰিছে নেকি অখিল গগৈয়ে? অখিল গগৈক কঠোৰ সমালোচনা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

প্ৰথমবাৰৰ বাবে অখিল গগৈক আক্ৰমণ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
প্ৰথমবাৰৰ বাবে অখিল গগৈক আক্ৰমণ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
- News18 Assam
- Last Updated: January 21, 2021, 2:27 PM IST
উল্লেখযোগ্য যে, যমুনামুখ সমষ্টিৰ ডবকাত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জন্ম দিয়া আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলে এখন বিশাল গণসমাৱেশৰ আয়োজন কৰিছিল। এই সভাত ৰাইজৰ দলৰ নেতৃত্বই বিজেপিৰ লগতে AIUDF আৰু সাংসদ বদৰুদ্দিন আজমলকো কঠোৰ সমালোচনা কৰিছিল। ৰাইজৰ দলৰ নেতৃত্বই বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক বুলি কৰা মন্তব্যৰ বিষয়ে সাংবাদিকে সাংসদগৰাকীক সোধা প্ৰশ্নৰ উত্তৰত তেঁও কয়, "আমাৰ লগত কেৱল AIUDF নহয়, কেইবাটাও বাওপন্থী দলে মিত্ৰতা কৰিছে। এতিয়া তেওঁলোকে বাওপন্থী দলকো সাম্প্ৰদায়িক বুলি ক'ব নেকি? অখিল গগৈয়ে অথবা ৰাইজৰ দলে বিজেপিৰ বি টীম হৈ কাম কৰিছে নেকি সেয়াও আমি চাব লাগিব।"
আনহাতে নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, "হিমন্তৰ কামেই হ'ল লাজ নাইকীয়া সাম্প্ৰদায়িক মন্তব্য দিয়া। এইবাৰ নিৰ্বাচনত কংগ্ৰেছ-AIUDF নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত।"