• Home
  • »
  • News
  • »
  • assam
  • »
  • হিমন্ত বিশ্বৰ ওপৰত মন্তব্য দিয়াৰ জ্ঞান গৌৰৱ গগৈৰ হোৱা নাই, তেওঁৰ নিজা বুলিবলৈ একো নাই – কিয় ক’লে সাংসদ পল্লৱ লোচন দাসে?

হিমন্ত বিশ্বৰ ওপৰত মন্তব্য দিয়াৰ জ্ঞান গৌৰৱ গগৈৰ হোৱা নাই, তেওঁৰ নিজা বুলিবলৈ একো নাই – কিয় ক’লে সাংসদ পল্লৱ লোচন দাসে?

‘কোনোবা গগৈয়ে যিমানেই আহবান নজনাওক এইবাৰ বিজেপিৰে চৰকাৰ হ’ব৷’

‘কোনোবা গগৈয়ে যিমানেই আহবান নজনাওক এইবাৰ বিজেপিৰে চৰকাৰ হ’ব৷’

‘কোনোবা গগৈয়ে যিমানেই আহবান নজনাওক এইবাৰ বিজেপিৰে চৰকাৰ হ’ব৷’

  • Share this:
বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে ৰাজনৈতিক নেতাৰ মুখত মুখচুপতিয়ে নিৰ্বাচনী বতাহ ক্ৰমাৎ গৰম কৰিছে৷ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ চলি থকাৰ মাজতে বাকযুদ্ধত এইবাৰ জঁপিয়াই পৰিল মন্ত্ৰী হিমন্ত বিশ্বৰ ঘনিষ্ঠ তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰসংগত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যত কটাক্ষ সাংসদ পল্লৱ লোচন দাসৰ৷

গৌৰৱ গগৈক সমালোচনা কৰি ঢেকীয়াজুলিত পল্লৱ লোচন দাসে কয়, ‘‘ড০ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত গৌৰৱ গগৈয়ে সিমান খিনি কোৱাৰ এতিয়াও যোগ্যতা হোৱা নাই৷হি মন্ত বিশ্ব শৰ্মাৰ ওপৰত মন্তব্য দিয়াৰ জ্ঞান তেওঁৰ এতিয়াও হোৱা নাই৷ তেওঁৰ এতিয়াও শিকিবলৈ বাকী আছে৷ কেবল তৰুণ গগৈৰ পুত্ৰ হোৱাৰ বাবে সাংসদ হৈছে৷ বেলেগ তেওঁৰ একো যোগ্যতা নাই৷ তৰুণ গগৈৰ C/O কাটি দিলে গৌৰৱ গগৈৰ একো নাথাকিব৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ C/Oৰ নামত পৰিচত গৌৰৱ গগৈ৷ নিজা বুলিবলৈ তেওঁৰ একো নাই৷’’

উল্লেখ্য যে দুদিন পূৰ্বে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মন্ত্ৰী হিমন্ত বিশ্বৰ ৰাজনৈতিক অভিজ্ঞতা সন্দৰ্ভত কৈছিল- বিজেপি শাসনত নাথাকিলে হিমন্তই বিজেপিত থাকিব নে নাই সেইটো প্ৰশ্নৰ উত্তৰ হিমন্তই নিদিলে৷ হিমন্তৰ দল ত্যাগৰ ৰাজনৈতিক অভিজ্ঞতা তেওঁক নালাগে৷ এই প্ৰসংগত সাংসদ পল্লৱ লোচন দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুনৰ কয় - ‘‘আমাৰ দৰে যুঁজি যদি গৌৰৱ গগৈ আহিলে হয় তেওঁ কৰবাত থাকিলে হয়৷ গৌৰৱ গগৈক লৈ BJP চিন্তিত নহয়৷

উল্লেখযোগ্য যে মন্ত্ৰী হিমন্তৰ ঘনিষ্ঠৰূপে পৰিচত তেজপুৰৰ সাংসদ পল্লৱ লোচনে হিমন্তৰ প্ৰশংসাত পঞ্চমুখ হৈ ক’লে- হিমন্ত বিশ্ব শৰ্মাৰ সমকক্ষ অসমত ৰাজনৈতিক নেতা নাই৷ ভাৰতবৰ্ষতে হিমন্তৰ দৰে নেতা বিৰল৷ ইপিনে ৰাজ্যত নতুন দলৰ প্ৰসংগত সাংসদ পল্লৱ লোচন দাসে কয় যে ৰাইজে নতুন ৰাজনৈতিক দলক আদৰি নলয়৷ ৰাইজ বিজেপিৰ সৈতে আছে৷ বিজেপি মিত্ৰজোঁটৰে চককাৰ হ’ব সেয়া নিশ্চিত৷ কোনোবা গগৈয়ে যিমানেই আহবান নজনাওক এইবাৰ বিজেপিৰে চৰকাৰ হ’ব৷ তিনি গগৈ এক লগ হ’লেও আমাৰ একো নহয়,বহু লাখ গগৈ আমাৰ লগত আছে৷ আমি শংকিত নহয় তিনি গগৈ একেলগ হ’লে৷
Published by:Sanjay Kumar Das
First published: