সমাগত উপ-নিৰ্বাচনক লৈ তৎপৰ হৈছে পাঁচ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ৷ বিশেষকৈ ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিৰ উপ–নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চিত বুলি উল্লেখ কৰে সাংসদগৰাকীয় ৷ তেওঁ কয় যে বিটিচিত জিএছপি, ইউ পি পি এলৰ আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আছে যদিও উক্ত চৰকাৰখনে মিত্ৰজোঁটৰ ধৰ্ম পালন কৰা নাই ৷
ভিচিডিচি গঠনত জিএছপিৰ কৰ্মকৰ্তাসকলক প্ৰাধান্য দিয়া নাই বুলি উল্লেখ কৰি সকলো বিৰোধী ঐক্যবদ্ধ হৈ এজন বিধায়কক বিজয়ী কৰি আনিব পাৰিলে সমষ্টিৰ ক্ষিপ্ৰ উন্নয়ন হব বুলি প্ৰকাশ কৰে ৷
ইপিনে নৱ কুমাৰ শৰণীয়াই তৃণমূল কংগ্ৰেছত যোগদান অথবা মিত্ৰতা কৰাৰ ইংগিত দি কয় যে তৃণমূল কংগ্ৰেছৰ লগত আমাৰ আলোচনা চলি আছে। বিটিআৰত বিভিন্ন জাতি–জনগোষ্ঠীৰ লোক আছে। আজি ইয়াৰ বহু লোক তৃণমূল কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে। বিটিআৰত ২৫ লাখতকৈ অধিক বাঙালী সম্প্ৰদায়ৰ লোক আছে। এনআৰচি, ডি ভোটাৰৰ নামত তেওঁলোকক বহুত হাৰাশাস্তি কৰা হৈছে। তেওঁলোকে যি উদ্দেশ্যত বিজেপিক ভোট দিছিল, বিজেপিয়ে তেওঁলোকৰ আশা পূৰণ কৰিব নোৱাৰিলে।
আগন্তুক ২০২৪ চনত মমতা বেনাৰ্জী যদি বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হয়, তেওঁলোকৰ স্বাৰ্থত তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
আনহাতে গো সুৰক্ষা আইনক লৈ সাংসদগৰাকীয়ে কয় যে বিশ্বৰ অধিকাংশ লোকে গো মাংস খায়, তেনে ক্ষেত্ৰত গো সুৰক্ষাক লৈ আলোচনা কৰাতকৈ অসমৰ নিবনুৱাৰ সংস্থাপনৰ কথা আলোচনা কৰাটো ভাল হ'ব বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে ৷ আজি গোসাঁইগাঁও মহকুমাৰ তেলিপাৰাস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আলোচনা সভাত গোসাঁইগাঁও সমষ্টিৰ দলীয় কৰ্মী–সমৰ্থকসকল উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।