মুখ্যপৃষ্ঠা »খবৰ »অসম »MP Naba Sarania : ''KLOৱে কি বিচাৰিছে সেয়া ডাঙৰ কথা নহয়, শাসকীয় পক্ষই কি বিচাৰিছে সেইটোহে মূল কথা''- কমতাপুৰ ৰাজ্য গঠনক লৈ নৱ শৰণীয়া

MP Naba Sarania : ''KLOৱে কি বিচাৰিছে সেয়া ডাঙৰ কথা নহয়, শাসকীয় পক্ষই কি বিচাৰিছে সেইটোহে মূল কথা''- কমতাপুৰ ৰাজ্য গঠনক লৈ নৱ শৰণীয়া

এইবাৰ দিল্লীলৈ ১৫-২০ গৰাকী সাংসদ লগত লৈ যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শৰণীয়াই

এইবাৰ দিল্লীলৈ ১৫-২০ গৰাকী সাংসদ লগত লৈ যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শৰণীয়াই

এইবাৰ দিল্লীলৈ ১৫-২০ গৰাকী সাংসদ লগত লৈ যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শৰণীয়াই

  • Share this:

এইবাৰ বিজেপি (BJP)ৰ টাৰ্গেট ধুবুৰী লোকসভা সমষ্টি! অংক কৰিছে নৱ শৰণীয়ায়ো। ৮০ শতাংশ মুছলমান ভোটাৰ থকা লোকসভা সমষ্টিটো কিদৰে দখল কৰিব বিজেপিয়ে? বিজেপিৰ অংক কি বুজাই দিলে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই ৷ কমতাপুৰ কেন্দ্ৰীয়শাসিত ৰাজ্য সম্পৰ্কেও কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য নৱ শৰণীয়াই ৷ এইবাৰ দিল্লী এৰি দিছপুৰলৈ আহিব নেকি এসময়ৰ আলফা নেতা তথা এতিয়াৰ সাংসদ গৰাকীয়ে?


কোচ ৰাজবংশী কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন সন্দৰ্ভত সাংসদ নৱ শৰণীয়াৰ  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- “আচলতে এয়া হৈছে KLOৰ দাবী, কেন্দ্ৰীয় চৰকাৰে এই মুহূৰ্তলৈকে এইক্ষেত্ৰত একো  মাত মতা নাই, অসমৰ মুখ্যমন্ত্ৰীয়েও অসম দ্বিখণ্ডিত নহয় বুলি কৈ থৈছে। কিন্তু KLOই জংঘল এৰি ইতিমধ্যে অসম আহি পাওঁ পাওঁ।''


তেওঁ লগতে কয়- ''কেন্দ্ৰীয় চৰকাৰে হয়তো KLOক কিবা আশ্বাস প্ৰদান কৰিব পাৰে, কিন্তু অসমে বেংগলৰ সৈতে চামিল হোৱাৰ আশা নাই। কিন্তু KACখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে উন্নীতকৰণৰ সম্ভাৱনা আছে! কেন্দ্ৰীয়শাসিত অঞ্চললৈ উন্নীতকৰণ হ’লে ST বা SC হিচাপে সংৰক্ষিত হোৱাৰো সম্ভাৱনা আছে ধুবুৰী লোকসভা সমষ্টি। মুখ্যমন্ত্ৰীকে ধৰি BJPৰ মূৰৰ কামোৰণি হৈছে ধুবুৰী লোকসভা সমষ্টিটো। অসমৰ সকলো সমষ্টিতে BJPয়ে জিকি আহিলেও কিন্তু ধুবুৰী সমষ্টিত জিকিব নোৱাৰে, যাৰ বাবে বিজেপিয়ে সমষ্টিটো সংৰক্ষিত তথা কোচ ৰাজবংশী জনগোষ্ঠীক শিখণ্ডী সজাই নিজৰ আয়ত্তলৈ অনাৰ পৰিকল্পনা ৰচিছে।''


ইয়াত KLOৱে কি বিচাৰিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু শাসকীয় পক্ষই কি বিচাৰিছে সেইটোহে মূল কথা বুলি যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ শৰণীয়াই ৷ শেষত তেওঁ কয়- কমতাপুৰ ৰাজ্য গঠনত পূৰ্ণ সমৰ্থন আছে ৷


ইয়াৰ লগতে দিল্লী এৰি দিছপুৰ অহাৰ সম্ভাৱনা নুই কৰি নৱ শৰণীয়াই এইবাৰ দিল্লীলৈ ১৫-২০ গৰাকী সাংসদ লগত লৈ যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। আগন্তুক লোকসভা নিৰ্বাচনত মেঘালয়ৰ তুৰা, অসমৰ ধুবুৰী, ওদালগুৰি, কোকৰাঝাৰ, তেজপুৰ, ডিফুকে ধৰি সমগ্ৰ ভাৰতবৰ্ষৰ পৰা মুঠ ১২-২০ গৰাকী সাংসদ লগত লৈ দিল্লীলৈ যোৱাৰ পৰিকল্পনা ৰচিছে নৱ শৰণীয়াই ৷


আনহাতে, চাৰিখনকৈ জিলা চৰকাৰে বিলুপ্তি কৰাৰ ক্ষেত্ৰত নৱ শৰণীয়াই কয়- ৰাইজৰ দাবীৰ কোনো গুৰুত্ব নাই চৰকাৰৰ সমুখত, চৰকাৰে যি বিচাৰে সেয়াই কৰে৷ ৰাইজৰ মতামত অবিহনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে৷ এইক্ষেত্ৰত নিৰ্বাচন আয়োগৰ সমুখত নিজৰ মতামত দাঙি ধৰিম ৷

শেহতীয়া বাতৰি