‘এনেকুৱা কাম কৰক, যাতে সকলোৱে আপোনাক ‘সম্পদ’ বুলি ক’ব পাৰে’ – পৰেশ বৰুৱাক পৰামৰ্শ নৱ শৰণীয়াৰ

News18 Assam | News18-Assam
Updated:January 7, 2020, 5:24 PM IST
‘এনেকুৱা কাম কৰক, যাতে সকলোৱে আপোনাক ‘সম্পদ’ বুলি ক’ব পাৰে’ – পৰেশ বৰুৱাক পৰামৰ্শ নৱ শৰণীয়াৰ
সভাত নৱ শৰণীয়াই কয় – ‘বিটিএডিত নৱ শৰণীয়াৰ চৰকাৰ আহিলে প্ৰথম কামেই হ’ব ৰাইজক ভূমি পট্টা প্ৰদান কৰা।’

সভাত নৱ শৰণীয়াই কয় – ‘বিটিএডিত নৱ শৰণীয়াৰ চৰকাৰ আহিলে প্ৰথম কামেই হ’ব ৰাইজক ভূমি পট্টা প্ৰদান কৰা।’

  • Share this:
আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক পৰামৰ্শ দিলে সাংসদ নৱ কুমাৰ শৰণীয়াই। পাঠশালাত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টীৰ যৌথ সভাত শৰণীয়াই পৰেশ বৰুৱাক পৰামৰ্শ দি কয় – ‘তেওঁ এনে কিবা এটা কৰক, যাৰ বাবে সকলোৱে তেওঁক সম্পদ বুলি ক’ব পাৰে।’ ৰাইজে বিভ্ৰান্ত হ’ব পৰা কোনো কাম নকৰিবলৈ পৰেশ বৰুৱাক আহ্বান সাংসদগৰাকীৰ।

সভাত CAAক লৈ বিপিএফে দুমুখীয়া স্থিতি লোৱাৰ অভিযোগ নৱ শৰণীয়াৰ। সাম্প্ৰতিক ভূমি নীতি সন্দৰ্ভতো হাগ্ৰামা মহিলাৰীয়ে দুমুখীয়া চৰিত্ৰ লোৱা বুলি কটাক্ষ কৰে শৰণীয়াই। হাগ্ৰামাই ১৫ বছৰ শাসন কৰিও ভূমি পট্টা দিৱ নোৱাৰাৰ অভিযোগ।

সভাত নৱ শৰণীয়াই কয় – ‘বিটিএডিত নৱ শৰণীয়াৰ চৰকাৰ আহিলে প্ৰথম কামেই হ’ব ৰাইজক ভূমি পট্টা প্ৰদান কৰা।’ আগন্তুক বিটিচি নিৰ্বাচনত হাগ্ৰামাৰ লগতে বিজেপি, অগপ মিত্ৰজোঁট উৎখাত হ’ব বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে। অহা নিৰ্বাচনত বিপিএফৰ আসন শূন্য হ’ব বুলি কয় শৰণীয়াই।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি