‘অনুপ চেতিয়া কোনো মহান বিপ্লৱী নহয়, ঘৈণীয়েকৰ বাৰ্থডে’ খাবলৈ গৈ গ্ৰেপ্তাৰ হৈছিল বাংলাদেশত’

নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰু ধনৰ লোভত অনুপ চেতিয়াই হাগ্ৰামা এণ্ড কোম্পানীৰ সৈতে মিলিত হোৱা বুলিও অভিযোগ উত্থাপন কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই।

News18-Assam
Updated:October 21, 2019, 9:04 AM IST
‘অনুপ চেতিয়া কোনো মহান বিপ্লৱী নহয়, ঘৈণীয়েকৰ বাৰ্থডে’ খাবলৈ গৈ গ্ৰেপ্তাৰ হৈছিল বাংলাদেশত’
নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰু ধনৰ লোভত অনুপ চেতিয়াই হাগ্ৰামা এণ্ড কোম্পানীৰ সৈতে মিলিত হোৱা বুলিও অভিযোগ উত্থাপন কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই।
News18-Assam
Updated: October 21, 2019, 9:04 AM IST
আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু সাংসদ নৱ কুমাৰ শৰণীয়াৰ মাজত তুংগত উঠিছে বাকযুদ্ধ। বাক্সাৰ কুমাৰীকাটাত হাগ্ৰামা মহিলাৰীৰ সৈতে বহি আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই প্ৰাক্তন আলফা তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াক বিভাজনৰ ৰাজনীতি নকৰিবলৈ সকীয়নি প্ৰদান কৰিছিল। তাৰ পিছতে চেতিয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সাংসদ নৱ শৰণীয়া।

নৱ শৰণীয়াই কয় যে আলফাৰ সাধাৰণ সম্পাদকগৰাকী ৰাইজে ভবাৰ দৰে কোনো মহান বিপ্লৱী নহয়। সংগ্ৰামৰ বাবে নহয়, ঘৈণীয়েকৰ বাৰ্থডে’ খাবলৈ গৈহে অনুপ চেতিয়া বাংলাদেশত বন্দী হৈ ২০ বছৰ কাৰাবাস খাটিছিল৷ শৰণীয়াই কয় – ‘স্বাধীন অসমৰ বাবে নহয়, এইসকল আলফা নেতাই নিজৰ পৰিয়ালৰ লগত লাহ–বিলাহতহে ব্যস্ত আছিল৷’

সাংসদ নৱ কুমাৰ শৰণীয়াই অধিক আক্ৰমণাত্মক হৈ কয় – বিটিচিৰ ৰাইজৰ বন্ধু হৈ আহিলে আদৰণি জনাম, কিন্তু শত্ৰু হৈ আহিলে অনুপ চেতিয়া নহয়, ড’নাল্ড ট্ৰাম্প আহিলেও ওফৰি যাব৷

নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰু ধনৰ লোভত অনুপ চেতিয়াই হাগ্ৰামা এণ্ড কোম্পানীৰ সৈতে মিলিত হোৱা বুলিও অভিযোগ উত্থাপন কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি