বিজেপি–বিপিএফৰ কাজিয়া গিৰিয়েক–ঘৈণীয়েকৰ কাজিয়াৰ দৰেই – ক’লে নৱ শৰণীয়াই

News18 Assam | News18-Assam
Updated:November 19, 2020, 8:55 AM IST
বিজেপি–বিপিএফৰ কাজিয়া গিৰিয়েক–ঘৈণীয়েকৰ কাজিয়াৰ দৰেই – ক’লে নৱ শৰণীয়াই
সাংসদ নৱ কুমাৰ শৰণীয়াই সমাগত বিটিচি নিৰ্বাচনত জিএছপি দলে ত্ৰিশখনৰ অধিক আসন লৈ পৰিষদ গঠন কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে৷

সাংসদ নৱ কুমাৰ শৰণীয়াই সমাগত বিটিচি নিৰ্বাচনত জিএছপি দলে ত্ৰিশখনৰ অধিক আসন লৈ পৰিষদ গঠন কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে৷

  • Share this:
বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে তৎপৰ হৈ পৰিছে সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টী৷ বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ চলিকান্দাত বুধবাৰে অনুষ্ঠিত হয় দলটোৰ এখন বিশাল নিৰ্বাচনী গণ সমাৱেশ৷ য’ত উপস্থিত থাকে গণ সুৰক্ষা পাৰ্টীৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া৷ সাংসদ শৰণীয়াই শেহতীয়াভাৱে বিজেপি আৰু বিপিএফ দলৰ সংঘাতক গিৰিয়েক–ঘৈণীয়েকৰ মাজৰ কাজিয়া বুলি তীব্ৰ ভাষাৰে কটাক্ষ কৰে৷

বিজেপি-বিপিএফৰ সংঘাতক লৈ নৱ কুমাৰ শৰণীয়াই কয় যে তেওঁলোকৰ মাজত কমিচন কম–বেছি হোৱা বাবে সংঘাত হৈছে৷ বিশেষ একো নাই৷ ৰাইজক দেখুওৱাৰ বাবে এনেদৰে কাজিয়া কৰিছে৷ এই কাজিয়া গিৰিয়েক-ঘৈণীয়েকৰ মাজত হোৱা কাজিয়াৰ নিচিনা৷

সাংসদ নৱ কুমাৰ শৰণীয়াই সমাগত বিটিচি নিৰ্বাচনত জিএছপি দলে ত্ৰিশখনৰ অধিক আসন লৈ পৰিষদ গঠন কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰে৷ তেওঁ কয় যে বিজেপি-বিপিএফ আৰু ইউ পি পি এল দলে দহখনত কৈ বেছি আসন লাভ নকৰে৷ সাংসদ শৰণীয়াই বিটিচি পৰিষদ গঠন কৰিব পাৰিলে বিটিআৰ চুক্তিৰ আপত্তিজনক দফাসমূহ সংশোধন কৰি চুক্তিখন কাৰ্যকৰী কৰিব বুলিও মন্তব্য কৰে৷

আনহাতে সাংসদ শৰণীয়াই বিশ্বজিৎ দৈমাৰী বিজেপি যোগদান কৰা কাৰ্যক শুভেচ্ছা জ্ঞাপন কৰি কয় যে ৰাষ্ট্ৰীয় দলত গৈ তেওঁ নিজৰ শক্তি সামৰ্থ প্ৰয়োগ কৰক ৷ কিন্তু বিটিচি নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে৷
Published by: Sanjay Kumar Das
First published: November 19, 2020, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading