ৰাজদ্বীপ গোৱালাক বহিষ্কাৰেৰে চাহ জনগোষ্ঠীক অপমান কৰিছে কংগ্ৰেছে, ক’লে সাংসদ কৃপানাথ মাল্লাই

News18 Assam | News18-Assam
Updated:October 11, 2020, 6:51 PM IST
ৰাজদ্বীপ গোৱালাক বহিষ্কাৰেৰে চাহ জনগোষ্ঠীক অপমান কৰিছে কংগ্ৰেছে, ক’লে সাংসদ কৃপানাথ মাল্লাই
সাংসদ কৃপানাথ মাল্লাৰ মতে, বিৰোধী দলৰ মহাজোঁট হ’লেও বৰাক উপত্যকাত কোনো প্ৰভাৱ নপৰে।

সাংসদ কৃপানাথ মাল্লাৰ মতে, বিৰোধী দলৰ মহাজোঁট হ’লেও বৰাক উপত্যকাত কোনো প্ৰভাৱ নপৰে।

  • Share this:
ওচৰ চাপিছে ২০২১ চনৰ বিধান সভা নিৰ্বাচন। এই মুহূৰ্তত প্ৰায় চূড়ান্ত হৈছে কংগ্ৰেছ- এআইইউডিএফৰ মিত্ৰতা। বহুচৰ্চিত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰিমগঞ্জ সমষ্টিৰ সাংসদ কৃপানাথ মাল্লাই।

সাংসদ কৃপানাথ মাল্লাৰ মতে, বিৰোধী দলৰ মহাজোঁট হ’লেও বৰাক উপত্যকাত কোনো প্ৰভাৱ নপৰে। বৰঞ্চ পূৰ্বতকৈ বিজেপিৰ ফলাফল ভাল হ’ব বুলিহে দাবী কৰিছে কৃপানাথ মাল্লাই। সাংসদগৰাকীৰ মতে বিজেপিয়ে বৰাকৰ ১৫খন আসনৰ ভিতৰত ১৩খনতে জয়ী হ’ব।

ইফালে ৰাজদ্বীপ গোৱালা আৰু ৰুমী নাথৰ বহিষ্কাৰ সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰিমগঞ্জৰ যুৱ সাংসদগৰাকীয়ে। কৃপানাথ মাল্লাই অভিযোগ কৰিছে যে ৰাজদ্বীপ গোৱালা বৰাক উপত্যকাৰ একমাত্ৰ চাহ জনগোষ্ঠীয় বিধায়ক। সেইগৰাকী চাহ জনগোষ্ঠীয় বিধায়কক বহিষ্কাৰ কৰি কংগ্ৰেছে সমগ্ৰ চাহ জনগোষ্ঠীটোকে অপমান কৰিছে। লক্ষীপুৰ সমষ্টিৰ কংগ্ৰেছৰ বহিষ্কৃত বিধায়ক ৰাজদ্বীপ গোৱালাক বিজেপি দললৈ আগতীয়াকৈ আদৰণি জনাইছে সাংসদ কৃপানাথ মাল্লাই।
Published by: Sanjay Kumar Das
First published: October 11, 2020, 6:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading