"কংগ্ৰেছ এতিয়া চুইংগামৰ দৰে। পিছে চুইংগাম খাই মানুহৰ পেট নভৰে। সেয়ে ৰাইজে এতিয়া চুইংগাম নাখায়"- নগাঁৱত এই মন্তব্য সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) ত বিধায়ক ৰূপক শৰ্মাৰ সৈতে বায়ু পৰিৱেশৰ মানদণ্ড নিৰীক্ষণ কেন্দ্ৰ মুকলি কৰি সাংসদগৰাকীয়ে কয়, "বিজেপিয়ে এইবাৰ অসমত ১২+ আসন লাভ কৰাটো নিশ্চিত। কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ আৰু নগাঁও লোকসভা সমষ্টি এইবাৰ বিজেপিৰ দখললৈ অহাটো নিশ্চিত।"
বিধায়ক ৰূপক শৰ্মাই কেন্দ্ৰটি মুকলি কৰি কয়, "নগাঁৱত বহু ইটাভাটাই পৰিৱেশ প্ৰদূষিত কৰিছে। সেয়ে প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই কেন্দ্ৰটিয়ে যথেষ্ট সহায় কৰিব।"
উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সাহাৰ্যৰে নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) ত স্থাপিত অত্যাধুনিক কেন্দ্ৰটিৰ উদ্বোধনী অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীও উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|