உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ''মুখ্যমন্ত্ৰীৰ ৰাষ্ট্ৰদ্ৰোহ'' প্ৰসংগত অখিল গগৈক উভতি ধৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

    ''মুখ্যমন্ত্ৰীৰ ৰাষ্ট্ৰদ্ৰোহ'' প্ৰসংগত অখিল গগৈক উভতি ধৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

    ৰাষ্ট্ৰদ্ৰোহ মানে কি প্ৰথমতে অখিল গগৈক সোধাৰ দৰকাৰ আছে, ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ হোৱা মানুহটোৱেই হ'ল অখিল গগৈ- তাছা

    ৰাষ্ট্ৰদ্ৰোহ মানে কি প্ৰথমতে অখিল গগৈক সোধাৰ দৰকাৰ আছে, ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ হোৱা মানুহটোৱেই হ'ল অখিল গগৈ- তাছা

    ৰাষ্ট্ৰদ্ৰোহ মানে কি প্ৰথমতে অখিল গগৈক সোধাৰ দৰকাৰ আছে, ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ হোৱা মানুহটোৱেই হ'ল অখিল গগৈ- তাছা

    • Share this:

    অখিল গগৈক উভতি ধৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই (MP kamakhya Prasad Tasa) ৷ অখিল গগৈয়ে মুখ্যমন্ত্ৰীক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰিব লাগে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদগৰাকীয়ে ৷ সাংসদগৰাকীৰ মতে, ৰাষ্ট্ৰদ্ৰোহ মানে কি প্ৰথমতে অখিল গগৈক সোধাৰ দৰকাৰ আছে৷ ৰাষ্ট্ৰদ্ৰোহত গ্ৰেপ্তাৰ হোৱা মানুহটোৱেই হ'ল  অখিল গগৈ (Akhil Gogoi) ৷


    তেওঁ কয়- ''মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ  ৰাষ্টদ্ৰোহ কৰিলে? আমাৰ দেশখনৰ নামেই দেখোন হিন্দুস্তান ৷'' তাছাৰ মতে, ড° হিমন্ত বিশ্ব শৰ্মাই ১০০ শতাংশ শুদ্ধ কথা কৈছে ৷ তেওঁ ইতিহাসৰ ভিত্তিত আৰু জ্ঞানৰ ভিত্তিত সেই কথা কৈছে ৷ ইয়াত প্ৰশ্নই উঠিব নালাগে। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ হয়েই ৷


    তাছাই পুনৰ কয়-  ''বাবৰ অহাৰ আগলৈকে, মোগল অহাৰ আগলৈকে সকলো মানুহ হিন্দু আছিল ৷ যি সকল মানুহ ইছলাম ধৰ্মলৈ ৰূপান্তৰ হৈছে সেই সকল মানুহ ভাৰতীয় মানুহেই আৰু তেওঁলোক সনাতন ধৰ্মৰ আছিল ৷ ইছলাম ধৰ্মৰ ইতিহাসত এই সকলোবোৰ কথা পোৱা যায় ৷ গতিকে ইয়াত আপত্তি কৰিবলগীয়া একো নাই ৷ আজি মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত ক'তো মুছলমান মানুহ বিপদত পৰা নাই ৷ ৰেচন কাৰ্ড মুছলমানৰো আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা মুছলমানেও লাভ কৰিছে ৷ মুছলমান বুলিটো আঁচনিৰ পৰা নাম হিমন্ত বিশ্ব শৰ্মাই (Dr Himanta Biswa Sarma) কটা নাই ৷


    তাছাই উল্লেখ কৰে যে অখিল গগৈয়ে কোৱা কথা ৰাজনৈতিকভাৱে কোৱা কথা আৰু  ৰাতিপুৱা শুই উঠি বাতৰিকাকত আৰু  সন্ধিয়া ঘৰলৈ যোৱাৰ পিছত নিউজত  ওলাৱৰ বাবে কোৱা কথাৰ বাহিৰে আন একো নহয়।


    বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত বিজেপিৰ চাহ মৰ্চাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ উল্লেখ্য, News18 Indiaৰ চৌপাল অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰত হিন্দু ৰাষ্ট্ৰ (Hindu nation) বুলি কৰা মন্তব্যক লৈ অখিল গগৈয়ে  মুখ্যমন্ত্ৰীক লৈ উক্ত কথা কৈছিল।




    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: