মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি! কি ক’লে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি! কি ক’লে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

News18 Assam | News18-Assam
Updated:June 13, 2021, 10:42 AM IST
কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি! কি ক’লে সাংসদ কামাখ্যা প্ৰসাদ তাছাই
বিজেপিত তেওঁতকৈ বহু অভিজ্ঞ আৰু জ্যেষ্ঠ কৰ্মী সভাপতি পদৰ বাবে আছে বুলি মত ব্যক্ত কৰে সাংসদগৰাকীয়ে।

বিজেপিত তেওঁতকৈ বহু অভিজ্ঞ আৰু জ্যেষ্ঠ কৰ্মী সভাপতি পদৰ বাবে আছে বুলি মত ব্যক্ত কৰে সাংসদগৰাকীয়ে।

  • Share this:
কোন হ’ব অসমৰ বিজেপিৰ ৰাজ্যিক সভাপতি! বিজেপিৰ ৰাজ্যিক সভাপতিৰ পদটোক লৈ বৰ্তমান বিভিন্ন মহলত চলিছে ব্যাপক চৰ্চা। চৰ্চালৈ আহিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নাম। কিন্তু এই সন্দৰ্ভত সাংসদগৰাকীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সাংসদগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ কেতিয়াও কোনো পদবী বিচৰা নাই বা এই সন্দৰ্ভত কোনো চিন্তা-চৰ্চাও কৰা নাই। আনহাতে, বিজেপিত তেওঁতকৈ বহু অভিজ্ঞ আৰু জ্যেষ্ঠ কৰ্মী সভাপতি পদৰ বাবে আছে বুলি মত ব্যক্ত কৰে সাংসদগৰাকীয়ে।

"মই কেতিয়াও কোনো পদবী বিচৰা নাই। সভাপতি পদৰ বাবে মই বহুত জুনিয়ৰ। দলত নিষ্ঠাৰে কাম কৰি অহা বহু জ্যেষ্ঠ লোক আছে। মই এই বিষয়ে কেতিয়াও চিন্তা কৰা নাই আৰু এই বিষয়ে ভাবিব নিবিচাৰো। দলে মোক ৰাজ্যসভাৰ সাংসদ হিচাবে এটা বৃহৎ দায়িত্ব দিছে। মই তাক নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰিছো।", ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এনেদৰে কয়।

বিজেপিত ৰাজ্যিক সভাপতিয়েই হওক বা মণ্ডল কমিটী বা বুথ কমিটীৰ সভাপতিয়েই হওক দলৰ সৈতে একনিষ্ঠভাৱে জড়িত লোকসকলকহে দায়িত্ব দিয়া হয় বুলি মত ব্যক্ত কৰে সাংসদগৰাকীয়ে। ইয়াৰ বাবে লবী কৰি বা চৰ্চাৰ সৃষ্টি কৰি বিশেষ লাভ নাই বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। চৰকাৰ আৰু দলৰ মাজত সংযোগ ৰক্ষা কৰি চলিব পৰা এজন দক্ষ লোককে সভাপতি নিযুক্ত কৰিব বুলি জানিবলৈ দিয়ে সাংসদ তাছাই। বিজেপিত সভাপতি হ’ব পৰা প্ৰাক্তন সভাপতি তথা দলৰ বাবে ত্যাগ কৰি অহা লোক কেইবাগৰাকীও আছে বুলি মত ব্যক্ত কৰে সাংসদগৰাকীয়ে।

"বিজেপিত লবী কৰি বা সংবাদ মাধ্যমত নাম উলিয়াই কোনেও পদবী লাভ কৰা মই দেখা নাই। দায়িত্ব সহকাৰে দলটোৰ বাবে কাম কৰি অহা চৰকাৰ আৰু দলটোৰ মাজত সমন্বয় ৰক্ষা কৰি চলিব পৰা এজন লোককে সভাপতিৰ দায়িত্ব দলে দিব।", ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই পুনৰ এনেদৰে কয়।
Published by: Sanjay Kumar Das
First published: June 13, 2021, 10:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি