যোৰহাটত CAA বিৰোধী প্ৰতিবাদকাৰীক হাতযোৰ কৰি কি ক’লে সাংসদ কামাখ্যা প্ৰসাদ তাছাই?

News18 Assam | News18-Assam
Updated:January 11, 2020, 11:21 AM IST
যোৰহাটত CAA বিৰোধী প্ৰতিবাদকাৰীক হাতযোৰ কৰি কি ক’লে সাংসদ কামাখ্যা প্ৰসাদ তাছাই?
যোৰহাটত শনিবাৰে পুৱা সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি থকা অৱস্থাতে CAA বিৰোধী প্ৰতিবাদকাৰীৰ ক’লা পতাকাৰ সন্মুখীন হয় সাংসদ কামাখ্যা তাছা

যোৰহাটত শনিবাৰে পুৱা সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি থকা অৱস্থাতে CAA বিৰোধী প্ৰতিবাদকাৰীৰ ক’লা পতাকাৰ সন্মুখীন হয় সাংসদ কামাখ্যা তাছা

  • Share this:
সাংসদ কামাখ্যা প্ৰসাদ তাছাই শনিবাৰে পুৱা যোৰহাটত CAA সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি থকাৰ সময়তে সন্মুখীন হয় প্ৰতিবাদকাৰীৰ ক’লা পতাকাৰ। এজেৱাইচিপিৰ এগৰাকী সদস্যই সাংসদগৰাকীৰ সন্মুখত ক’লা কাপোৰ জোকাৰি প্ৰতিবাদ সাব্যস্ত কৰে। সাংসদগৰাকীয়েও প্ৰতিবাদকাৰীগৰাকীৰ সৈতে মত বিনিময়ৰ চেষ্টা কৰে আৰু  হাতযোৰ কৰি CAA নমনাটো তেওঁলোকৰ সিদ্ধান্ত বুলি কৈ বিদায় লয়।

আনহাতে, দেশত নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে। এই আইনে অসমৰ জাতি-মাটি-ভেটি , সংস্কৃতিৰ কোনো ক্ষতি নকৰে বুলি স্পষ্ট কৰি দি আছুক তীব্ৰ সমালোচনা কৰে সাংসদ তাছাই।

শেহতীয়াকৈ CAA বিৰোধী আন্দোলনে এক এৰিষ্ট্ৰকেট লোকৰ আন্দোলনৰ ৰূপ লোৱা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। এই আন্দোলনৰ আঁৰত নতুন ৰাজনৈতিক দল খোলাৰ উদ্দেশ্য নিহিত আছে বুলি আছুৰ নেতৃত্বক সমালোচনা কৰি সাংসদগৰাকীয়ে কয় যে নতুন ৰাজনৈতিক দল হ’লেও ই বিজেপিৰ কোনো ক্ষতি কৰিব নোৱাৰে।

আনহাতে, আন্দোলনকাৰীসকলে বিজেপিৰ সাংসদ, মন্ত্ৰী, বিধায়কসকলক পথ আগচি ক’লা পতাকা জোকাৰি প্ৰতিবাদ কৰা কাৰ্যকো সমালোচনা কৰে সাংসদগৰাকীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি