কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত আৰু উগ্ৰপন্থীৰ কোনো সমস্যা নাই। News18ৰ সন্মুখত এই মন্তব্য কৰে ডিফু লোকসভা সমষ্টিৰ সাংসদ তথা এসময়ৰ ইউপিডিএছৰ মুৰব্বী হৰেনছিং বেই।
পাহাৰীয়া জিলা দুখনৰ সকলো উগ্ৰপন্থী দলে মূলসুঁতিলৈ ঘূৰি অহাত সন্তোষ প্ৰকাশ কৰে সাংসদ হৰেনছিং বেই। উল্লেখযোগ্য যে শনিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হয়।
KPLT(M), KPLT (D), KPLT( R), UPLA, PDCK আৰু KLNLFৰ নেতৃত্বৰ উপস্থিতিত স্বাক্ষৰিত শান্তি চুক্তিক ঐতিহাসিক চুক্তি আখ্যা সাংসদ হৰেনছিং বেৰ। কাৰ্বি শান্তি চুক্তিৰ বিভিন্নজনে বিৰোধিতা কৰা সম্পৰ্কত সাংসদ হৰেনছিং বেই কয়– "এগৰাকী ব্যক্তিৰ বাহিৰে কাৰ্বি চুক্তিক লৈ কাৰো আপত্তি নাই।" ডিমা হাছাওৰ উগ্ৰপন্থী দলকো মূলসুঁতিলৈ আহিবলৈ হৰেনছিং বেৰ আহ্বান। DNLAক ৰাজনৈতিক সমস্যা সমাধানেৰে শান্তি প্ৰতিষ্ঠাত সহযোগ কৰিবলৈ আহ্বান জনাই হৰেনছিং বেই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|