• Home
  • »
  • News
  • »
  • assam
  • »
  • কা' আন্দোলনৰ সময়ত মৃত্যু হোৱা ৫গৰাকী যুৱকৰ মৃত্যুৰ তদন্ত বিচাৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ পত্ৰ সাংসদ গৌৰৱ গগৈৰ 

কা' আন্দোলনৰ সময়ত মৃত্যু হোৱা ৫গৰাকী যুৱকৰ মৃত্যুৰ তদন্ত বিচাৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ পত্ৰ সাংসদ গৌৰৱ গগৈৰ 

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনৰ সময়ত অসমত পাঁচজন যুৱক শ্বহীদ হৈছিল

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনৰ সময়ত অসমত পাঁচজন যুৱক শ্বহীদ হৈছিল

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনৰ সময়ত অসমত পাঁচজন যুৱক শ্বহীদ হৈছিল

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলনৰ সময়ত অসমত পাঁচজন যুৱক শ্বহীদ হৈছিল। জাতিধংসী 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল পাঁচজন যুৱক ক্ৰমে, ছেম ষ্টেফৰ্ড, দীপাঞ্জল দাস, আব্দুল আলিম, ইশ্বৰ নায়ক আৰু দ্বিজেন্দ্ৰ পাংগিঙে।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত কেনেকৈ তেওঁলোকক হত্যা কৰা হ’ল বা হত্যাকাৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কি ব্যৱস্থা ল’লে? এই আটাইবোৰ কথা সামৰি আয়োগৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ন্যায়াধীশ এইছ এল দত্তক পত্ৰ যোগে প্ৰশ্ন কৰে কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে।

পাঁচগৰাকী যুৱকৰ হত্যাৰ আঁৰৰ জীয়া কাহিনী জানিবলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কি ব্যৱস্থা লৈছে বুলিও অধ্যক্ষক প্ৰশ্ন কৰিছে সাংসদ তথা লোক সভাৰ বিৰোধীৰ উপ দলপতি গৌৰৱ গগৈয়ে। ইয়াৰ উপৰিও কংগ্ৰেছৰ যুৱ সাংসদ গৰাকীয়ে 'কা' আন্দোলনৰ অসমৰ পাঁচ শ্বহীদৰ ন্যায়ৰ বাবে সাংসদৰ মজিয়াত যুঁজ দিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰে।
Published by:Himangshu Bhuyan
First published: