অসম চৰকাৰে অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা বিচাৰে কিন্তু পৰাগ ভূঞাক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰেঃ গৌৰৱ গগৈ

নতুন দিল্লীত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ উচ্চ স্তৰৰ তদন্তৰ দাবী কৰে।
নতুন দিল্লীত শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ উচ্চ স্তৰৰ তদন্তৰ দাবী কৰে।
- News18 Assam
- Last Updated: November 13, 2020, 3:56 PM IST

Source-Google
গগৈয়ে লগতে কয় - ‘অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত্ দাসৰ অৰ্ণৱৰ কাৰণে চকুলো ওলায়। কিন্তু অসমৰ জীয়ৰী দেবাংগনা কলিতা আৰু অখিল গগৈৰ ক্ষেত্ৰত তেওঁলোক নিমাত। CAA বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ অত্যাচাৰৰ সন্মুখীন হোৱা পৰিয়ালবোৰৰ কোনো চিন্তা নকৰে। অসমৰ ৰাইজে এতিয়া সকলোবোৰ বুজি উঠিছে; সেয়েহে সৰ্বানন্দ সোণোৱালক ব্যৰ্থ মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত কৰিছে।’