তেওঁ কয় যে স্মৃতি ইৰাণীয়ে চিলিণ্ডাৰ লৈ এসময়ত প্ৰতিবাদ কৰিছিল, এতিয়া প্ৰশ্নৰ সন্মুখীন হ'বলৈ ভয় খাই তেওঁ।
নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধি সমস্যাই কোঙা কৰিছে অসমৰ ৰাইজক। এটা ভয়াৱহ সংকটৰ মুখলৈ গৈ আছে দেশ। বেছি সমস্যা হ'লে ৰাইজ ওলাই আহিব ৰাজপথলৈ ৷ মই ভাবোঁ সেই পৰিৱেশ যাতে নাহে অসমলৈ। -এই মন্তব্য লোকসভাৰ বিৰোধীৰ উপ-দলপতি ঋঁ সেই পৰিৱেশ যাতে নাহে অসমলৈ। -এই মন্তব্য লোকসভাৰ বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈৰ।
বৰ্তমান চৰকাৰ ৰাজনৈতিকভাৱে সফল হৈছে, কিন্তু জনতাৰ সমস্যাক লৈ কোনো চিন্তিত নহয় বুলিও অভিযোগ কৰি সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi) কয় যে কিছুমান দলে বিৰোধিতাৰ নামত চৰকাৰক সহায় কৰিছে। AIUDFৰ নাম নোলোৱাকৈ গৌৰৱ গগৈয়ে সমালোচনা কৰে আজমলৰ দলটোক।
AIUDFএ বিজেপিক টাৰ্গেট কৰিব লাগে, কিন্তু কৰিছে কংগ্ৰেছক। নামত বিৰোধী কিন্তু কাম-কাজত এআইইউডিএফ চৰকাৰৰ দৰে বুলি প্ৰকাশ কৰি বিৰোধী দলটোক সমালোচনা কৰে গৌৰৱ গগৈয়ে।
তেওঁ কয় যে স্মৃতি ইৰাণীয়ে চিলিণ্ডাৰ লৈ এসময়ত প্ৰতিবাদ কৰিছিল। এতিয়া প্ৰশ্নৰ সন্মুখীন হ'বলৈ ভয় খাই তেওঁ। গগৈয়ে লগতে RSS আৰু BJPত বাক স্বাধীনতা নাই বুলিও কয়।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|