বিগত দিনবোৰত এজনৰ পিছত আনজন যুৱক সন্ধানহীন হোৱাৰ পিছত সন্দেহ কৰা হৈছে যে এই যুৱকসকলে আলফা (স্বা)ত (ULFA-I) যোগদান কৰিছে। কেইদিনমান পূৰ্বে মহানগৰীৰ দুই যুৱতীকে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তৰ বহুকেইগৰাকী যুৱকে আলফাত যোগদানৰ খবৰ ওলাইছে। এই ঘটনাক লৈ চিন্তিত কংগ্ৰেছ নেতা গৌৰৱ গগৈও। গগৈয়ে আজি লোকসভাত এই বিষয়ত উদ্বিগ্নতা প্ৰকাশ কৰে।
গগৈ কয় যে বহু চেষ্টা আৰু ত্যাগৰ বিনিময়ত শান্তি আৰু বিকাশৰ পৰিৱেশ স্থাপনৰ পিছত ৰাজ্যখনত পুনৰ যুৱক–যুৱতীসকল আলফাত যোগদান কৰিবলৈ লৈছে। যিটো উদ্বেগজনক, কিয়নো এসময়ত ৰাজ্যখনৰ বিকাশ স্তব্ধ হৈ গৈছিল উগ্ৰপন্থীজনিত সমস্যাৰ বাবে। গতিকে আলফালৈ পুনৰ যুৱক–যুৱতীৰ গমনৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি ইয়াৰ কাৰণ উলিয়াই কেন্দ্ৰই ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি বিশেষ ব্যৱস্থা ল'ব লাগে।
গগৈয়ে (Gaurav Gogoi) নিবনুৱা সমস্যাৰ বাবে আলফালৈ যুৱকৰ নতুন গমন আৰম্ভ হোৱাৰ বিষয়ে সদৰী কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু বৈদেশিক মন্ত্ৰালয়লৈ আহ্বান জনায় যাতে এই বিষয়টো গুৰুত্বসহকাৰে লয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|