‘আমি গোলাম নহয়, CAB আনি অসমৰ মানুহক অসন্মান কৰিছে বিজেপিয়ে’

News18 Assam | News18-Assam
Updated:December 1, 2019, 3:18 PM IST
‘আমি গোলাম নহয়, CAB আনি অসমৰ মানুহক অসন্মান কৰিছে বিজেপিয়ে’
Photo : The Hindu

অগপৰ প্ৰসংগত গৌৰৱ গগৈয়ে কয় – অগপই নিজে বিচাৰ কৰক৷ তেওঁলোকে বিজেপিৰ B টীম হৈ থাকিব নে ৰাইজৰ লগত থাকিব?

  • Share this:
CAB আনি অসমৰ মানুহক অসন্মান কৰিছে বিজেপিয়ে৷ উত্তৰ-পূবত আন্দোলন হৈছে CABৰ বিৰুদ্ধে৷ কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহে অহংকাৰী মনোভাৱেৰে CAB আনিব বিছাৰিছে৷ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। সাংসদগৰাকীয়ে কয় যে অগপৰ কিছু মন্ত্ৰীয়ে বিজেপিৰ হৈ কাম কৰি আছে৷ অগপৰ বেয়া দিন অহাটো বিছাৰিছে একাংশ নেতাই৷ বেয়া দিন আহিলেই তেওঁলোকে বিজেপিত যোগদান কৰিব।

আমি গোলাম নহয়, আমি নাগৰিক৷ এতিয়া জাতিৰ কথা আহিছে৷ এতিয়া ৰাজনীতি কৰাৰ সময় নহয়৷ কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসকল আজি ওলাই আহিছে৷ গয়া ভাল খবৰ। এইদৰে ক’লে গৌৰৱ গগৈয়ে।

অগপৰ প্ৰসংগত গৌৰৱ গগৈয়ে কয় – অগপই নিজে বিচাৰ কৰক৷ তেওঁলোকে বিজেপিৰ B টীম হৈ থাকিব নে ৰাইজৰ লগত থাকিব? আঞ্চলিক দল হিচাপে মই অগপক সন্মান কৰো বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰদ্যুৎ বৰদলৈয়ে কয় – CABক লৈ আমি যুঁজিম৷ যুদ্ধ কৰিম৷ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত বিজেপিয়ে CAB পাছ কৰাব৷ কিন্ত আমি যুঁজিম৷ অসম আন্দোলনত কৈ ভয়ংকৰ পৰিবেশ হ'ব অসমত৷ অসম চুক্তিক নস্যাৎ হ'ব আমি নিদিও।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি