মুখ্যপৃষ্ঠা »খবৰ »অসম »অখিল গগৈৰ মাতৃৰ খবৰ ল'লে সাংসদ গৌৰৱ গগৈয়ে, প্ৰিয়দা গগৈয়ে ক’লে – অখিল থকা হ'লে আঘোণতে ন খালোহেঁতেন

অখিল গগৈৰ মাতৃৰ খবৰ ল'লে সাংসদ গৌৰৱ গগৈয়ে, প্ৰিয়দা গগৈয়ে ক’লে – অখিল থকা হ'লে আঘোণতে ন খালোহেঁতেন

গৌৰৱ গগৈয়ে অখিল মাতৃ প্ৰিয়দা গগৈক চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা লগতে কাষত বহি বহু সময় বাৰ্তালাপ কৰে।

গৌৰৱ গগৈয়ে অখিল মাতৃ প্ৰিয়দা গগৈক চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা লগতে কাষত বহি বহু সময় বাৰ্তালাপ কৰে।

গৌৰৱ গগৈয়ে অখিল মাতৃ প্ৰিয়দা গগৈক চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা লগতে কাষত বহি বহু সময় বাৰ্তালাপ কৰে।

  • Share this:
কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ চেলেংহাট লুসুৰাখন গাঁৱৰ বাসগৃহত আজি বিয়লি উপস্থিত হয় কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ। উল্লেখযোগ্য যে প্ৰয়াত পিতৃ তৰুণ গগৈৰ চিতাভস্ম লৈ অসমজুৰি শান্তি সদ্ভাৱনা যাত্ৰা কৰি টীয়কৰ পৰা কলিয়াপানী হৈ মৰিয়নীলৈ ৰাওনা হোৱাৰ সময়ত অখিল গগৈৰ মাতৃক সাক্ষাৎ কৰাৰ উদ্দেশ্যে চেলেংহাট লুসুৰাখনৰ বাসগৃহত উপস্থিত হয় সাংসদগৰাকী।

গৌৰৱ গগৈয়ে অখিল মাতৃ প্ৰিয়দা গগৈক চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা লগতে কাষত বহি বহু সময় বাৰ্তালাপ কৰে। গৌৰৱ গগৈয়ে প্ৰিয়দা গগৈৰ স্বাস্থ্য বুজ লোৱাৰ লগতে অখিল গগৈৰ লগত আমি সকলো আছো বুলিও আশ্বাস দিয়ে। মাতৃ প্ৰিয়দা গগৈয়ে গৌৰৱ গগৈৰ আগত চকুপানী টুকি  'অখিল থকা হ'লে আঘোণতে ন খালোহেঁতেন' বুলি নিজৰ মনোভাৱ ব্যক্ত কৰে।

আনহাতে, গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত বিজেপি চৰকাৰে অখিল গগৈৰ লগতে পৰিয়ালৰ ওপৰত মানসিক হেঁচা আৰু অত্যচাৰ চলোৱা বুলি উল্লেখ কৰি বিজেপি চৰকাৰে ক্ষমতাৰ অপপ্ৰয়োগ কৰি অখিলক অন্যায়ভাৱে কাৰাবন্দী কৰি ৰাখিছে বুলি ব্যক্ত কৰি কৃষক নেতাগৰাকীক শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায়।

ইয়াৰ উপৰি গৌৰৱ গগৈয়ে চিকিৎসালয়ত অখিল গগৈক লগ পোৱাৰ সময়ত মাতৃৰ কাষলৈ যাম বুলি প্ৰকাশ কৰা লগতে অখিল গগৈয়ে মাতৃক 'মই ভালে আছো' বুলি ক’বলৈ কোৱাৰ বিষয়ে জানিবলৈ দিয়ে।

অখিল গগৈৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত সাংসদ গৌৰৱ গগৈক সংগ দিয়ে  লখিমপুৰৰ প্ৰাক্তন সাংসদ ৰাণী নৰহ, বিধায়ক ৰূপজ্যোতি কুৰ্মী, প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি অংকিতা দত্তকে ধৰি বহুকেইগৰাকী কংগ্ৰেছী নেতাই।

শেহতীয়া বাতৰি