• Home
  • »
  • News
  • »
  • assam
  • »
  • হঠাৎ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ কোৱাৰ্টাৰত সাংসদ গৌৰৱ গগৈ, কি কথা পাতিলে দুয়োগৰাকী নেতাই?

হঠাৎ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ কোৱাৰ্টাৰত সাংসদ গৌৰৱ গগৈ, কি কথা পাতিলে দুয়োগৰাকী নেতাই?

প্ৰায় এঘণ্টা সময়ৰ বাবে মিলিত হোৱা এই বৈঠকে ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।

প্ৰায় এঘণ্টা সময়ৰ বাবে মিলিত হোৱা এই বৈঠকে ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।

প্ৰায় এঘণ্টা সময়ৰ বাবে মিলিত হোৱা এই বৈঠকে ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।

  • Share this:
অসম বিধান সভাৰ বিৰোধী দলপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ বৰপুত্ৰ দেবব্ৰত শইকীয়াৰ চৰকাৰী আৱাসগৃহত অকস্মাৎ উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ সাংসদ তথা লোকসভাৰ বিৰোধীৰ উপ–দলপতি গৌৰৱ গগৈ। বহু দিনৰ মূৰত দুয়ো নেতাৰ এই সাক্ষাৎকাৰ সৌজন্যমূলক আছিল বুলি কয় বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

শেহতীয়াভাৱে লোকসভাৰ বিৰোধীৰ উপ–দলপতিৰ দায়িত্ব লাভ কৰাৰ বাবে মঙলবাৰৰ সাক্ষাৎ কালতে গৌৰৱ গগৈক অভিনন্দন জনাই অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

সৌজন্যমূলক সাক্ষাৎ হ’লেও আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি, জাতীয় কংগ্ৰেছ দলক অধিক শক্তিশালী কৰা আৰু গৌৰৱ গগৈৰ পিতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সম্পৰ্কে বৈঠকত আলোচনা হয়।

প্ৰায় এঘণ্টা সময়ৰ বাবে মিলিত হোৱা এই বৈঠকে ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখযোগ্য যে দুয়োগৰাকী নেতা হ’ল কংগ্ৰেছৰ দুজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ।
Published by:Sanjay Kumar Das
First published: