"মোদীয়ে জন্মদিনত ২ কোটি ভেকচিন দি চমক সৃষ্টি কৰিব বিচাৰিছে। কিন্তু চীনে ২০ কোটি ভেকচিন দিছে এটা দিনত। মোদীয়ে ভাৰতত মাত্ৰ ২০ কোটি ভেকচিন দিছে, কিন্তু চীনে ৯০ কোটি মানুহক ভেকচিন দিছে। মোদীতকৈ চীনে বহুত ভাল কাম কৰি আছে।" -এই মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰাৰ বিপৰীতে চীনক ভূয়সী প্ৰশংসা কৰা কংগ্ৰেছৰ সাংসদগৰাকীয়ে লগতে ৰাহুল গান্ধীৰ নেতৃত্বতহে ভাৰতত পৰিৱৰ্তন সম্ভৱ বুলি মন্তব্য কৰে। বিজেপিৰ বিৰুদ্ধে মমতা বেনাৰ্জীৰ নেতৃত্বত প্ৰস্তাৱিত তৃতীয় জোঁটৰ সম্ভাৱনীয়তাকো নস্যাৎ কৰে সাংসদ গৌৰৱ গগৈয়ে। তেও কয় যে কংগ্ৰেছক বাদ দি শক্তিশালী বিৰোধী অসম্ভৱ। সেয়ে এনে তৃতীয় মৰ্চা অৰ্থহীন।
ইপিনে উপ-নিৰ্বাচনত কংগ্ৰেছে ভাল ফলাফল প্ৰদৰ্শন কৰাৰো আশা ব্যক্ত কৰে গৌৰৱ গগৈয়ে। উল্লেখযোগ্য যে বঢ়মপুৰ কংগ্ৰেছে আয়োজন কৰা শ্বহীদ দিৱসত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সৈতে অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|