বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, ২০২৬ত কংগ্ৰেছে পুনৰ ভাল ফল প্ৰদৰ্শন কৰিব।
বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, ২০২৬ত কংগ্ৰেছে পুনৰ ভাল ফল প্ৰদৰ্শন কৰিব।
"সংবাদ মাধ্যমৰ বাতৰিক বেছি গুৰুত্ব নিদিব। কাৰণ বহু মিডিয়াৰ মালিকে চৰকাৰৰ পৰা টকা লৈ চৰকাৰৰ মুখপাত্ৰ হৈ কাম কৰি আছে। সেয়ে সংবাদ মাধ্যমৰ প্ৰশ্নবোৰ ৰক্ষণাত্মক নহয় আক্ৰমণাত্মক।"- আজি নগাঁও জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নেতা-কৰ্মী সকলক এই আহ্বান জনায় সাংসদ গৌৰৱ গগৈয়ে। "মিডিয়া কংগ্ৰেছৰ বন্ধু নহয়" বুলিও মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ কৰ্মী সকলক সংবাদ মাধ্যমৰ বাতৰিত হতাশ ন'হবলৈ অনুৰোধ জনায়।
আনহাতে, বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, ২০২৬ত কংগ্ৰেছে পুনৰ ভাল ফল প্ৰদৰ্শন কৰিব। এঢাপ আগুৱাই গৈ সাংসদ গৌৰৱ গগৈয়ে কয়, ২০২৬ত অসমৰ ১২৬খন আসনেই কংগ্ৰেছে দখল কৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|