‘তৰুণ গগৈ-গৌৰৱ গগৈক মোগলৰ বংশধৰ বুলি কৈ বিজেপিয়ে সমগ্ৰ আহোম সম্প্ৰদায়ক অপমান কৰিছে’

News18 Assam | News18-Assam
Updated:October 23, 2020, 3:21 PM IST
‘তৰুণ গগৈ-গৌৰৱ গগৈক মোগলৰ বংশধৰ বুলি কৈ বিজেপিয়ে সমগ্ৰ আহোম সম্প্ৰদায়ক অপমান কৰিছে’
নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে মোগল, সভ্যতা আৰু লাভ জেহাদৰ কথা কৈছে বুলি কয় যুৱ সাংসদগৰাকীয়ে।

নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে মোগল, সভ্যতা আৰু লাভ জেহাদৰ কথা কৈছে বুলি কয় যুৱ সাংসদগৰাকীয়ে।

  • Share this:
মহা সপ্তমীৰ দিনা মহানগৰীৰ বিভিন্ন পূজা মণ্ডপত দেখা গ’ল কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা বিৰোধীৰ উপ–দলপতি গৌৰৱ গগৈক। মহানগৰীৰ উগ্ৰতাৰা দেৱালয়, লতাশিল পূজা মণ্ডপ আৰু টকোবাৰীৰ বাৰোৱাৰী পূজা মণ্ডপত মাৰ আশীৰ্বাদ গ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে।

সাংবাদিকৰে হোৱা কথোপকথনত শাসকীয় বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে গৌৰৱ গগৈয়ে। নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে মোগল, সভ্যতা আৰু লাভ জেহাদৰ কথা কৈছে বুলি কয় যুৱ সাংসদগৰাকীয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, সাংসদ গৌৰৱ গগৈক মোগলৰ বংশধৰ বুলি কৈ বিজেপিয়ে সমগ্ৰ আহোম সম্প্ৰদায়ক অপমান কৰিছে বুলিও গুৰুতৰ অভিযোগ কৰে সাংসদ গৌৰৱ গগৈয়ে। ২০২১ত অসমত অসমীয়াৰ জয় হ’ব আৰু ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’ব বুলি দৃঢ় মত পোষণ কৰে গৌৰৱ গগৈয়ে।
Published by: Sanjay Kumar Das
First published: October 23, 2020, 3:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading