உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উপ–নিৰ্বাচনত থাওৰা–মৰিয়নীত কংগ্ৰেছে জয়লাভ কৰিব বুলি দাবী গৌৰৱ গগৈৰ, গঁড়ৰ খড়্গ দহনৰ বাবে আয়োজন কৰা অনুষ্ঠানক ফাইভ ষ্টাৰ মাৰ্কেটিং আখ্যা

    উপ–নিৰ্বাচনত থাওৰা–মৰিয়নীত কংগ্ৰেছে জয়লাভ কৰিব বুলি দাবী গৌৰৱ গগৈৰ, গঁড়ৰ খড়্গ দহনৰ বাবে আয়োজন কৰা অনুষ্ঠানক ফাইভ ষ্টাৰ মাৰ্কেটিং আখ্যা

    বিজেপিয়ে কেৱল হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰাই নহয়, হিন্দুসকলৰ মাজতো সংঘাত সৃষ্টি কৰা চেষ্টা আৰম্ভ কৰিছে বুলি মন্তব্য গৌৰৱ গগৈৰ।

    বিজেপিয়ে কেৱল হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰাই নহয়, হিন্দুসকলৰ মাজতো সংঘাত সৃষ্টি কৰা চেষ্টা আৰম্ভ কৰিছে বুলি মন্তব্য গৌৰৱ গগৈৰ।

    বিজেপিয়ে কেৱল হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰাই নহয়, হিন্দুসকলৰ মাজতো সংঘাত সৃষ্টি কৰা চেষ্টা আৰম্ভ কৰিছে বুলি মন্তব্য গৌৰৱ গগৈৰ।

    • Share this:
    কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈসহ চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে মাদলৰ তালে তালে নৃত্য কৰি ভাগ ল'লে চামগুৰি বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত অনুস্থিত এখন দলীয় কৰ্মী সভাত। প্ৰায় সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ সমাৱেশ ঘটা সভাখনত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনামুখৰ হোৱা দেখা যায় দুয়োগৰাকী কংগ্ৰেছী নেতাক।

    সভাখনত ভাষণ প্ৰসংগত বিজেপি দলক প্ৰকৃত দালাল আখ্যা দিলে সাংসদ গৌৰৱ গগৈয়ে। ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰাৰ অভিযোগ তুলি সৰৱ হয় নেতাজন। কোনোবা মন্ত্ৰীয়ে দালালৰ সহায়ত ক’ৰবাত বাগান কিনিছে নেকি সেই তথ্য প্ৰকাশ কৰিবলৈয়ো গৌৰৱ গগৈয়ে আহ্বান জনায় চৰকাৰক।

    ইফালে শেহতীয়াকৈ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ লগত জড়িত থকা গুৰীয়াল, কৰ্মচাৰী, অভিযন্তা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰি আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ দায়িত্বশীল মন্ত্রীগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা কাণ্ডকো সমালোচনা কৰে সাংসদ গৌৰৱ গগৈয়ে। বিজেপিয়ে কেৱল হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰাই নহয়, হিন্দুসকলৰ মাজতো সংঘাত সৃষ্টি কৰা চেষ্টা আৰম্ভ কৰিছে বুলি মন্তব্য গৌৰৱ গগৈৰ।

    গঁড়ৰ খড়্গ দহনৰ বাবে চৰকাৰে আয়োজন কৰা অনুষ্ঠানক ফাইভ ষ্টাৰ মাৰ্কেটিং আখ্যা গৌৰৱ গগৈৰ। লগতে কাজিৰঙাকে ধৰি বহুকেইখন বন্যপ্ৰাণী অভয়াৰণ্যত অবৈধভাৱে গছ কাটি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে সেইসমূহ পাৰে যদি ৰোধ কৰিবলৈ চৰকাৰক প্ৰত্যাহ্বান জনায় সাংসদগৰাকীয়ে। উল্লেখযোগ্য যে, গুজৰাটৰ জিগনেশ মেৱানী আৰু কানহাইয়া কুমাৰৰ দৰে অসমৰ আঞ্চলিক নেতা সকলক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান গৌৰৱ গগৈৰ, লগতে থাওৰা আৰু মৰিয়নীত বিজয় নিশ্চিত বুলিও দাবী কৰে কলিয়াবৰ সাংসদ গৰাকীয়ে।
    Published by:Sanjay Kumar Das
    First published: