• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘অসমলৈ সঘনাই আহিলেও জনজাতিকৰণক লৈ নিমাত অমিত শ্বাহ’ – বঙাইগাঁৱত ক’লে গৌৰৱ গগৈয়ে

‘অসমলৈ সঘনাই আহিলেও জনজাতিকৰণক লৈ নিমাত অমিত শ্বাহ’ – বঙাইগাঁৱত ক’লে গৌৰৱ গগৈয়ে

সাংসদ গৌৰৱ গগৈয়ে অগপক বিজেপিৰ বি টিম বুলিও সমালোচনা কৰে৷

সাংসদ গৌৰৱ গগৈয়ে অগপক বিজেপিৰ বি টিম বুলিও সমালোচনা কৰে৷

সাংসদ গৌৰৱ গগৈয়ে অগপক বিজেপিৰ বি টিম বুলিও সমালোচনা কৰে৷

  • Share this:
বঙাইগাঁৱত সাংসদ গৌৰৱ গগৈ৷ 'অসম বাচাও আহক' কাৰ্যসূচীৰ অংশ হিচাপে বঙাইগাঁৱত উপস্থিত হৈ বাঘেশ্বৰী মন্দিৰত সেৱা জনায় সাংসদগৰাকীয়ে৷ সেইদৰে চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ লগতে কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গৌৰৱ গগৈয়ে৷ সাংসদ গগৈয়ে বিভিন্ন দল–সংগঠন তথা বিশিষ্ট ব্যক্তিৰ সৈতেও মত বিনিময় কৰে ৷

কোচ ৰাজবংশীকে ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ সাংসদ গৌৰৱ গগৈৰ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত সঘনাই আহিলেও জনজাতিকৰণৰ বিষয়ত নিমাত হৈ থকাৰ বাবে কঠোৰ সমালোচনা কৰে সাংসদজনে৷

আনহাতে , সাংসদ গৌৰৱ গগৈয়ে অগপক বিজেপিৰ বি টিম বুলিও সমালোচনা কৰে৷ সাংসদজনে বঙাইগাঁও জিলাৰ তিনিওটা সমষ্টিতে বিশিষ্ট্য ব্যক্তি আৰু দল–সংগঠনৰে মত বিনিময় কৰে৷
Published by:Sanjay Kumar Das
First published: