তৰুণ গগৈৰ পৰিয়াললৈ আহিল নতুন সদস্য, দ্বিতীয়টো সন্তানৰ পিতৃ হ’ল সাংসদ গৌৰৱ গগৈ

News18 Assam | News18-Assam
Updated:August 24, 2020, 9:20 AM IST
তৰুণ গগৈৰ পৰিয়াললৈ আহিল নতুন সদস্য, দ্বিতীয়টো সন্তানৰ পিতৃ হ’ল সাংসদ গৌৰৱ গগৈ
২০১৬ চনৰ ৮ নবেম্বৰত গৌৰৱ গগৈ আৰু এলিজাবেথ গগৈৰ জীৱনলৈ আহিছিল পূত্ৰ কবীৰ গগৈ।

২০১৬ চনৰ ৮ নবেম্বৰত গৌৰৱ গগৈ আৰু এলিজাবেথ গগৈৰ জীৱনলৈ আহিছিল পূত্ৰ কবীৰ গগৈ।

  • Share this:
কোৰোণা ভাইৰাছৰ মাজতে অসমত তুংগত উঠিছে ২০২১ চনৰ নিৰ্বাচনী বতাহ। বিশেষকৈ চৰ্চিত হৈছে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত মহাজোঁটৰ প্ৰসংগ। তাৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰিয়াললৈ সুখবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে দেওবাৰে দ্বিতীয়টো সন্তানৰ পিতৃত্বৰ গৌৰৱ আৰ্জন কৰে।

সম্প্ৰতি ইংলেণ্ডত থকা গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈয়ে দেওবাৰে এগৰাকী কন্যা সন্তান জন্ম দিয়ে। ইয়াৰ পূৰ্বে ২০১৬ চনৰ ৮ নবেম্বৰত গৌৰৱ গগৈ আৰু এলিজাবেথ গগৈৰ জীৱনলৈ আহিছিল পূত্ৰ কবীৰ গগৈ।



পুত্ৰ-বোৱাৰীৰ দ্ধিতীয়টো সন্তানৰ খবৰে উৎফুল্লিত কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক। খবৰ পোৱা অনুযায়ী, এসপ্তাহৰ পিছতে গৌৰৱ গগৈয়ে সপত্নীক গুৱাহাটীলৈ অহাৰ কথা।
Published by: Sanjay Kumar Das
First published: August 24, 2020, 9:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading