• Home
  • »
  • News
  • »
  • assam
  • »
  • গৌৰৱ গগৈয়ে লাভ কৰিলে লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদ 

গৌৰৱ গগৈয়ে লাভ কৰিলে লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদ 

এই কথা News18ক জনাইছে লোকসভাত বিৰোধী দলৰ দলপতি অধীৰ ৰঞ্জন চৌধৰী আৰু কংগ্ৰেছৰ চীফ হুইপ কে সুৰেশে।

এই কথা News18ক জনাইছে লোকসভাত বিৰোধী দলৰ দলপতি অধীৰ ৰঞ্জন চৌধৰী আৰু কংগ্ৰেছৰ চীফ হুইপ কে সুৰেশে।

এই কথা News18ক জনাইছে লোকসভাত বিৰোধী দলৰ দলপতি অধীৰ ৰঞ্জন চৌধৰী আৰু কংগ্ৰেছৰ চীফ হুইপ কে সুৰেশে।

  • Share this:
গৌৰৱ গগৈয়ে লাভ কৰিলে লোকসভাত কংগ্ৰেছৰ উপ দলপতিৰ পদ। ১৪ ছেপ্তেম্বৰৰ পৰা  হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে সাংসদগৰাকীক দিয়া হ’ল এই গুৰুত্বপূৰ্ণ পদবী। কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে কলিয়াবৰৰ সাংসদগৰাকীক লোকসভাত কংগ্ৰেছৰ উপ দলপতি হিচাপে নিযুক্তি দিয়ে। লগতে লুধীয়ানাৰ সাংসদ ৰৱণীত বিট্টুক নিযুক্তি দিয়া হৈছে হুইপ হিচাপে। এই কথা News18ক জনাইছে লোকসভাত বিৰোধী দলৰ দলপতি অধীৰ ৰঞ্জন চৌধৰী আৰু কংগ্ৰেছৰ চীফ হুইপ কে সুৰেশে।

উল্লেখযোগ্য যে, সাংসদ গৌৰৱ গগৈয়ে বিভিন্ন সময়ত সংসদৰ মজিয়াত উদাত্ত ভাষণ প্ৰদান কৰা দেখা যায়। লগতে শাসক পক্ষক বিভিন্ন গঠনমূলক সমালোচনা কৰিও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে কংগ্ৰেছৰ যুৱ সাংসদগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published: