உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কৃষক আন্দোলনে বিপদত পেলাব নেকি বিজেপিক? উত্তৰ প্ৰদেশ সহ পাঁচ ৰাজ্যত কি হ'ব বিজেপিৰ স্থিতি, শুনক সাংসদ দিলীপ শইকীয়াৰ মুখেৰে

    কৃষক আন্দোলনে বিপদত পেলাব নেকি বিজেপিক? উত্তৰ প্ৰদেশ সহ পাঁচ ৰাজ্যত কি হ'ব বিজেপিৰ স্থিতি, শুনক সাংসদ দিলীপ শইকীয়াৰ মুখেৰে

    উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,গোৱা আৰু মণিপুৰত বিজেপিৰ হ'ব শক্তিশালী প্ৰত্যাৱৰ্তন, পঞ্জাৱত হ'ব শক্তিশালী আত্মপ্ৰকাশঃ দিলীপ শইকীয়া 

    উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,গোৱা আৰু মণিপুৰত বিজেপিৰ হ'ব শক্তিশালী প্ৰত্যাৱৰ্তন, পঞ্জাৱত হ'ব শক্তিশালী আত্মপ্ৰকাশঃ দিলীপ শইকীয়া 

    উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড,গোৱা আৰু মণিপুৰত বিজেপিৰ হ'ব শক্তিশালী প্ৰত্যাৱৰ্তন, পঞ্জাৱত হ'ব শক্তিশালী আত্মপ্ৰকাশঃ দিলীপ শইকীয়া 

    • Share this:
    সমাগত চুবুৰীয়া ৰাজ্য মণিপুৰৰ বিধানসভা নিৰ্বাচন ৷ মণিপুৰকে ধৰি দেশৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনক লৈ সাজু বিজেপি ৷ ইয়াৰে চাৰি ৰাজ্যত শক্তিশালী প্ৰত্যাৱৰ্তনৰ বিপৰীতে পঞ্জাৱত শক্তিশালী আত্মপ্ৰকাশ কৰাৰ দাবী বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ ৷

    নিৰ্বাচনী কাউণ্ট ডাউন আৰম্ভ হৈছে ২০২২ৰ প্ৰথমাৱস্থাতে নিৰ্বাচন হ'ব লগীয়া দেশৰ পাঁচখন ৰাজ্যত ৷ ২০২২ৰ ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব গোৱা,পঞ্জাৱ,উত্তৰ প্ৰদেশ,উত্তৰাখণ্ড আৰু মণিপুৰত ৷ ইয়াৰে চাৰিখন ৰাজ্যত চৰকাৰ আছে বিজেপিৰ ৷ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া একমাত্ৰ পঞ্জাৱহে নাই গেৰুৱা দলটোৰ দখলত ৷ পিছে এইবাৰ পঞ্জাৱৰ ১১৭খন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে ৷

    বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ দাবী, পঞ্জাৱতো শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব বিজেপিয়ে ৷ সুযোগ ল'ব, ঘনে ঘনে সলনি হোৱা ৰাজনৈতিক প্ৰেক্ষাপটৰ৷ "পঞ্জাৱত আমাৰ চৰকাৰ নাই ঠিকেই, কিন্তু আমি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিম এইবাৰ পঞ্জাৱত ৷  ঘনে ঘনে সলনি হৈ থকা পঞ্জাৱৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ সুযোগ আমি এৰি নিদিওঁ ৷ ইফালে যদি আপোনালোকে চাই গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ,উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কৰা জনহিতৈষী কামৰ বাবেই চাৰিওখন ৰাজ্যতে আমি শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিম ৷"—দিলীপ শইকীয়া

    উল্লেখ্য যে, নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচ ৰাজ্যৰ ভিতৰত প্ৰত্যেকটো ৰাজনৈতিক দলৰে চকু এতিয়া উত্তৰ প্ৰদেশৰ ওপৰতে ৷ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে কেন্দ্ৰত কোন থাকিব পৰৱৰ্তী সময়ত সেয়া স্পষ্ট কৰিব ৷ শেহতীয়াকৈ কাশী বিশ্বনাথ কৰিড'ৰ উদ্বোধনৰ চলেৰে একপ্ৰকাৰ উত্তৰ প্ৰদেশত নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰী যোগী আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ৷

    কিন্তু কৃষক আন্দোলনে এইবাৰ প্ৰভাৱিত কৰিব নেকি নিৰ্বাচনত? ৰাকেশ টিকেইট হ'ব নেকি যোগী আদিত্যনাথৰ বাবে প্ৰত্যাহ্বান? এইক্ষেত্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় নেতা দিলীপ শইকীয়াৰ দাবী,"কৃষক আন্দোলনে পশ্চিম উত্তৰ প্ৰদেশত প্ৰভাৱ পেলাইছিল ৷ সেয়া আমি নুই নকৰো ৷ কিন্তু তিনিখনকৈ কৃষি আইন বাতিলে প্ৰশস্ত কৰিলে আমাৰ পথ ৷ ৰাকেশ টিকেইট বিজেপিৰ বাবে এতিয়া ফেক্টৰ নহয় ৷আমাৰ বাবে ৩৬৫দিনেই যথেষ্ট গুৰুত্বপূৰ্ণ ৷ বিজেপিয়ে প্ৰতিনিয়ত কৰে সংগঠনৰ কাম ৷ নিৰ্বাচনত জয়ী হোৱাৰ পিছদিনাও আমি শুই বহি নকটাই দলৰ বাবে, সংগঠনৰ বাবে সমৰ্পনৰ ভাৱধাৰাৰে কাম কৰি থাকো ৷ গতিকে নিৰ্বাচনো আমাৰ বাবে প্ৰতিদিনে কৰা কামৰ দৰেই ৷"

    এতিয়া লক্ষণীয় হ'ব এই পাঁচ ৰাজ্যত বিজেপিয়ে ভৱা ধৰণে পদুম ফুল ফুলাব পাৰিবনে? সঁচাকৈয়ে ৰাকেশ টিকেইট প্ৰত্যাহ্বান নহ'বনে বিজেপিৰ বাবে? পঞ্জাৱত শক্তিশালী আত্মপ্ৰকাশ সহজ হ'ব জানো? সকলো ক'ব সময়েহে ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: