உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জ্যেষ্ঠতাৰ ভিত্তিত নহয়, জয়ৰ সম্ভাৱনা থকাসকলেহে পাব টিকট – ক’লে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই

    জ্যেষ্ঠতাৰ ভিত্তিত নহয়, জয়ৰ সম্ভাৱনা থকাসকলেহে পাব টিকট – ক’লে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই

    কংগ্ৰেছ দলৰ ‘অসম বচাও’ শ্লোগান সন্দৰ্ভত দিলীপ শইকীয়াই কয় – ‘‘অসম ধ্বংস কৰা দলে 'অসম বচাও' শ্লোগান দিলে অসমৰ ৰাইজে হাঁহিব।’’

    কংগ্ৰেছ দলৰ ‘অসম বচাও’ শ্লোগান সন্দৰ্ভত দিলীপ শইকীয়াই কয় – ‘‘অসম ধ্বংস কৰা দলে 'অসম বচাও' শ্লোগান দিলে অসমৰ ৰাইজে হাঁহিব।’’

    কংগ্ৰেছ দলৰ ‘অসম বচাও’ শ্লোগান সন্দৰ্ভত দিলীপ শইকীয়াই কয় – ‘‘অসম ধ্বংস কৰা দলে 'অসম বচাও' শ্লোগান দিলে অসমৰ ৰাইজে হাঁহিব।’’

    • Share this:
    মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ সৈতে কেইবাখনো আঁচনিৰ শুভাৰম্ভণি কৰি মঙলদৈত স্থানীয় সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, "আমি শক্তিশালীভাৱে আমাৰ কামবিলাক ৰাইজৰ মাজলৈ লৈ গৈছো। আমি ১০০খন আসন লাভ কৰাৰ কাৰণে সম্পূৰ্ণ ৰণকৌশল প্ৰস্তুত কৰিছো।’’

    ‘‘২০১৬ চনত আমি মিত্ৰদল মিলি ৮৭খন আসন পাইছিলো, এইবাৰ আমি কমেও ১৩খন আসন বৃদ্ধি কৰিম। ১৩খনৰ ভিতৰত নামনি অসমত ৩খন, বৰাক ভেলীত ৩খন আসন, উজনি অসমত ৭-৮ খন আসন বৃদ্ধি পাব। যাতে BJP মিত্ৰজোঁটে ১০০খন আসন লাভ কৰিব পাৰো তাৰ কাৰণে সংগঠন আৰু ৰাজনীতি কেন্দ্ৰিক কাম অতি শক্তিশালীভাৱে কৰি গৈছো।’’ – ক’লে সাংসদগৰাকীয়ে।

    ২১ৰ বিধানসভা নিৰ্বাচনৰ টিকট দিয়া সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "জয় হোৱাৰ সম্ভাৱনা থকা সকলকহে টিকট দিয়া হ’ব। সৰ্বাধিক জয়ৰ সম্ভাৱনা থকা সকলেহে পাব টিকট। বিধায়কসকলৰ ভাল কাম–কাজ কৰাসকলৰ চিন্তাৰ কাৰণ নাই। কিন্তু ছাৰ্ভে ৰিপ’ৰ্ট মতে দিয়া হ’ব টিকট। চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বই ল’ব। তথাপিও যিসকলৰ ৰিপ’ৰ্ট বেয়া সেইসকলৰ দলৰ মজিয়াত আলোচনা কৰিব লাগিব।’’

    জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ  ৰমেন ডেকা, প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ লগতে জ্যেষ্ঠ নেতাসকলক টিকট দিয়া সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীৰ কয়, "জ্যেষ্ঠতাৰ ভিত্তিত কোনো টিকেট দিয়া কথা নাহে। আমি জিকাৰ সম্ভাৱনা থকা সকলকহে টিকেট প্ৰদান কৰিম। তেওঁ লোকেও টিকট বিচাৰিব পাৰে কিন্তু দলে সিদ্ধান্ত ল’ব। উপযুক্তজনক উপযুক্ত সন্মান দিব দলে।"

    আগন্তুক নিৰ্বাচনত ১২৬খনৰ ভিতৰত কিমানখন আসনত BJP য়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শইকীয়াই কয়, "এতিয়ালৈকে আমি কিমানখনত খেলিম ঠিক কৰা নাই। আমাৰ মাজত খাম–খেয়ালি নহয়। মিত্ৰতাৰে আমি আগবাঢ়িম।  মিত্ৰ দলসমূহে বেছিকৈ আসন বিচৰাৰ পৰম্পৰা আছে। কিন্তু জয় হ’ব পাৰিব নে নোৱাৰে সেইটো চাব লাগিব। তাৰ পিছতে অগপ, UPPL, মিত্ৰ দলক কিমানখন দিব পৰা যায় সেই হিচাপে আসন ভাগ–বতৰা হব। অগপ ই ৪০খন বিচাৰিলেই নাপাব বা UPPL–এ ১২খন বিচাৰিলেই নাপাব পাৰে বা আমি ১০০ খনত প্ৰতিদ্বন্দিতা কৰিম বুলি কলেই নহ’ব জয়ৰ সম্ভাৱনা থাকিব লাগিব। জয়ৰ সম্ভাৱনা থকা হিচাপে আসনৰ বুজাবুজি হ’ব।’’

    ‘‘মাৰ্চৰ প্ৰথম সপ্তাহত কোনো প্ৰাৰ্থী তালিকা নোলায়। মাৰ্চৰ প্ৰথম সপ্তাহত আমাৰ মিত্ৰ দলসমূহৰ লগত আলোচনা চলিব আৰু মাৰ্চৰ শেষৰ সপ্তাহত আমাৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব।" – ক’লে শইকীয়াই।

    কংগ্ৰেছ দলৰ ‘অসম বচাও’ শ্লোগান সন্দৰ্ভত দিলীপ শইকীয়াই কয় – ‘‘অসম ধ্বংস কৰা দলে 'অসম বচাও' শ্লোগান দিলে অসমৰ ৰাইজে হাঁহিব। কংগ্ৰেছৰ ‘অসম বচাও’ অভিযান ৰাইজে বুজি পায়। অসমৰ মানুহে 'অসম বচাও' ঠাট্টা কৰিব ধৰিছে। ৬০ বছৰ কংগ্ৰেছে শাসন কৰিলে কিন্তু অসমত উন্নয়নৰ বাস্তৱ প্ৰতিচ্ছবিখন দেখুৱাব নোৱাৰিলে। ‘অসম বচাও’ শ্লোগানতেই সীমাবদ্ধ থাকিব। অসমখন কংগ্ৰেছে ধ্বংস কৰি থৈ গ’ল। অসম ধ্বংস কৰাসকলে যদি বচোৱাৰ শ্লোগান দিয়ে সেইসকলক ঘঁৰিয়ালৰ চকুপানী বুলি কয়।’’

    ‘‘সামাজিক মাধ্যমৰ জৰিয়তে আমি পৰিকল্পনা প্ৰস্তুত কৰিছো। কংগ্ৰেছে আমাৰ বিৰুদ্ধে যি অভিযোগ আনিব তাক প্ৰতিহত কৰিবলৈ BJPৰ সামাজিক মাধ্যম অধিক শক্তিশালী হৈ আছে। কংগ্ৰেছে যিমান প্ৰতিবাদ কৰিলেও লাভ নাই। গেছ, পেট্ৰ’লৰ মূল্যবৃদ্ধি বিলাক  সাধাৰণ জনতাৰ মনৰ ভাষা নহয়। এয়া কংগ্ৰেছৰ ৰাজনৈতিক চতুৰামি। তেওঁলোকে ভাবিছে এইবিলাক ইছ্যু ল’লে ৰাইজ BJP বিৰোধী স্থিতিত আহিব বুলি, যদি ভাবিছে সেইবিলাক আশা কৰি লাভ নাই। অসমখনৰ কাৰণে BJP চৰকাৰে যিখিনি কাম কৰিছে ২০১৬ৰ ছবিখন আৰু ২০২১ ৰ ছবিখনৰ মাজত আকাশ পাতাল পার্থক্যতো অসমৰ ৰাইজে উপলব্ধি কৰিছে।"

    পেট্ৰোল ডিজেলৰ মূল্যবৃদ্ধি লৈ কংগ্ৰেছে কৰা প্ৰতিবাদ লৈ সাংসদ দিলীপ শইকীয়াই কয়, "কংগ্ৰেছ শাসনত থকা ৰাজ্য বিলাকত পেট্ৰ’লৰ দাম কমাই দিয়ক। অসমত আমি কমাইছো। ৫-৬খন ৰাজ্য য’ত কংগ্ৰেছৰ শাসন আছে সেই ৰাজ্য কেইখনত পেট্ৰ’লৰ দাম কমাই দিয়ক। উপদেশতকৈ  আৰ্হি ভাল। যদি তেনে কৰে তেতিয়া কংগ্ৰেছে কৰি থকা প্ৰতিবাদ সাধাৰণ ৰাইজে শুনিব।"
    Published by:Sanjay Kumar Das
    First published: