সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত তৃতীয় স্থানপ্ৰাপ্ত মৃগাংক ভট্টাচাৰ্যৰ লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপনৰ বাবে আজি নলবাৰী জিলাৰ বাহাৰঘাটৰ শংকৰদেৱ বিদ্যা নিকেতনত অনুষ্ঠিত হয় এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান ।
নিকেতন পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে সমাজকৰ্মী শৰৎ কলিতা, প্ৰমোদ কলিতাকে ধৰি কেইবাজনো বিশিষ্ট ব্যাক্তি উপস্থিত থাকে ৷
অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মহেশ্বৰ ভট্টই ৷ অভিনন্দনৰ পূৰ্বে সাংসদ গৰাকীয়ে ২০২০ চনত সাংসদ উন্নয়ন পূজিৰে নিৰ্মিত হোৱা শ্ৰেণীকোঠা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷
উল্লেখ্য যে বিগত ২০০৯ চনৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰ্তমানলৈ এশ শতাংশই উত্তীৰ্ণ হৈ শৈক্ষিক উত্তৰণত বিশেষ ভূমিকা লৈ আহিছে শিক্ষানুষ্ঠানখনে ৷ আনহাতে বিগত ২০১৪ চনত এজনে, ২০২০ চনত দুজনে স্থান পোৱাৰ লগতে এইবেলি তৃতীয় স্থান পোৱাত আনন্দৰ জোৱাৰ উঠিছিল শিক্ষানুষ্ঠানখনৰ লগতে অঞ্চলটোত ৷
Published by: Gautam Barman
FIRST PUBLISHED : May 26, 2023, 22:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।