অসমৰ মানুহে কোনোদিনে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হ’বলৈ নিদিয়ে, ক’লে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই

News18 Assam | News18-Assam
Updated:February 16, 2021, 10:27 AM IST
অসমৰ মানুহে কোনোদিনে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হ’বলৈ নিদিয়ে, ক’লে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই
দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, " যদি তেওঁলোকে মিত্ৰতা নোহোৱাকৈ এনেকুৱা কৰিব বিচাৰিছে, তেনেহ’লে মাছ বুলি নাখায় জিজি বুলি খাব বিচাৰিছে।’’

দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, " যদি তেওঁলোকে মিত্ৰতা নোহোৱাকৈ এনেকুৱা কৰিব বিচাৰিছে, তেনেহ’লে মাছ বুলি নাখায় জিজি বুলি খাব বিচাৰিছে।’’

  • News18 Assam
  • Last Updated: February 16, 2021, 10:27 AM IST
  • Share this:
আগত বিধানসভা নিৰ্বাচন। প্ৰতিটো দলে দিছপুৰ দখল কৰাৰ বাবে উঠি পৰি লাগিছে।এফালে যদি মহাজোটবন্ধন, আনফালে মিত্ৰজোঁট। কোনো পিছ পৰি ৰোৱা নাই। ইফালে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে মিত্ৰতা কৰি আৰম্ভ কৰিছে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে। তেনে সময়তে চৰ্চা চলিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নিৰ্বাচন খেলা সমষ্টিত মহাজোঁটবন্ধনে দুৰ্বল প্ৰাৰ্থী বা প্ৰাৰ্থী নিদিয়াক লৈ চৰ্চা চলাৰ সময়তে কটাক্ষ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই।

যদিও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে কোনো কাৰণত কংগ্ৰেছ–AIUDF দলৰ লগত মিত্ৰতা নকৰো বুলি স্পষ্ট কৰি দিছে তেনে সময়তে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচন খেলা সমষ্টিত কংগ্ৰেছ AIUDF–এ দুৰ্বল প্ৰাৰ্থী বা প্ৰাৰ্থী নিদিয়াক লৈ মঙলদৈত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, " যদি তেওঁলোকে মিত্ৰতা নোহোৱাকৈ এনেকুৱা কৰিব বিচাৰিছে, তেনেহ’লে মাছ বুলি নাখায় জিজি বুলি খাব বিচাৰিছে। যদি তেনে হয় তেন্তে আনলৈ হুল পুতি নিজে মৰে ফুটিৰ লেখীয়া হ’ব।’’

দিলীপ শইকীয়াই কয়, ‘‘অসমৰ মানুহে কোনোদিনে বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হ’ব নিদিয়ে। আৰু সেই উমানটো অখিল গগৈ আৰু লুৰিণজোতি গগৈয়ে ল’ব লাগে, অসমৰ ৰাইজে বিচাৰিছে কি? উমান নোলোৱাকৈ যদি এনেধৰণৰ কাম কৰি থাকে অসমৰ মানুহে কাকো ক্ষমা নকৰিব। যদি তেওঁলোকে ভিতৰুৱাকৈ বুজাবুজি কৰিব বিচাৰিছে ৰাইজে কিন্তু গ্ৰহণ নকৰিব। অসম বিৰোধী দলৰ চক্ৰৰ স্বপ্ন বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী পতাৰ আৰু যদি সেই চক্ৰটোক সমৰ্থন কৰে তাৰ প্ৰত্যুত্তৰ অসমবাসী ৰাইজে দিব।"
Published by: Sanjay Kumar Das
First published: February 16, 2021, 10:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি