বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া, শুভেচ্ছা জনালে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে

News18 Assam | News18-Assam
Updated:September 26, 2020, 9:03 PM IST
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া, শুভেচ্ছা জনালে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে
বিজেপি নেতা কৰ্মীয়ে এতিয়া শুভেচ্ছা জনাইছে সাংসদগৰাকীয়ে।

বিজেপি নেতা কৰ্মীয়ে এতিয়া শুভেচ্ছা জনাইছে সাংসদগৰাকীয়ে।

  • News18 Assam
  • Last Updated: September 26, 2020, 9:03 PM IST
  • Share this:
প্ৰথমবাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ দীৰ্ঘদিনীয়া কাৰ্যকৰ্তা দিলীপ শইকীয়াক বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। দলৰ এনে গুৰু দায়িত্ব লাভ কৰাৰ পিছতে মঙলদৈৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীক শুভেচ্ছা জনাইছে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে।

সংগঠনযটোৱে আশা প্ৰকাশ কৰে যে, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে এই দায়িত্ব লাভ কৰাত দলৰ মজিয়াত অসম তথা উত্তৰ-পূবে বিশেষ প্ৰাধান্য পাবলৈ সমৰ্থ হ’ব। লগতে এই গুৰু দায়িত্ব পোৱা অসমৰ সাংসদগৰাকীয়ে অসম তথা উত্তৰ-পূবৰ জনতাৰ মনৰ পৰা বিচ্ছিন্নতাবাদী ধ্যান-ধাৰণা সম্পূৰ্ণৰূপে নাইকিয়া কৰি অঞ্চলটোৰ সকলোকে দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি ভাৰতৰ বাকী প্ৰান্ততকৈয়ো অধিক আগবঢ়া আৰু জাকত-জিলিকা কৰি তোলাতো সফল হ’ব বুলিও আশা কৰে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে।
Published by: Himangshu Bhuyan
First published: September 26, 2020, 9:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading