২৩ জুলাইৰ পৰা জাপানত আৰম্ভ হ'বলগীয়া টকিঅ' অলিম্পিকৰ বাবে ভাৰতৰ পৰা যাবলগীয়া দলক নেতৃত্ব দিব সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। এইবাৰ ভাৰতীয় দলৰ চীফ অফ দ্য মিছন হিচাপে নিযুক্ত দিয়া হৈছে বৈশ্যক। এনে এটা সন্মানীয় দায়িত্ব পোৱা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই হৈছে প্ৰথম অসমীয়া। ২০১০ চনৰ দিল্লীৰ Commonwealth Gamesত ভুৱনেশ্বৰ কলিতায়ো ভাৰতীয় দলক নেতৃত্ব দিছিল। কিন্তু বিশ্ৱৰ আগশাৰীৰ মহাৰণ অলিম্পিকৰ ক্ষেত্ৰত এনে সন্মানীয় দায়িত্ব লাভ কৰে সাংসদ বৈশ্যই।
এক ভিডিঅ’ বার্তা প্ৰেৰণ কৰি বৈশ্যই এই দায়িত্ব লাভ কৰি গৌৰৱবোধ কৰা বুলি উল্লেখ কৰে আৰু তেওঁৰ এই দায়িত্বই অসমৰ ক্ৰীড়া জগতখনক প্ৰেৰণা যোগাব বুলি মন্তব্য কৰে। আনহাতে ভাৰতীয় দলে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিব বুলি আশা পোষণ কৰে বৈশ্যই।
উল্লেখ্য, আজি টকিঅ' অলিম্পিকৰ বাবে ভাৰতীয় দলৰ দলীয় পোছাক মুকলি কৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে৷ টকিঅ' অলিম্পিকলৈ প্ৰায় ১০০ জনীয়া খেলুৱৈ দল যাব ভাৰতৰ পৰা। প্ৰধানমন্ত্ৰী মোদীয়েও আজি ভাৰতীয় অলিম্পিক দলৰ প্ৰস্তুতিৰ বুজ লয়৷ দিল্লীত ভাৰ্চুৱেলী উন্মোচন কৰা অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ সৈতে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি নৰিন্দৰ ধ্ৰুৱ ভাট্টা, সচিব প্ৰধান ৰাজীৱ মেহতা আৰু ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য উপস্থিত থাকে৷ টকিঅ' অলিম্পিকলৈ মাত্ৰ ৫০ দিন থকা উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|