''আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত আমাৰ NDA প্ৰাৰ্থী জয় হ'ব। ১৬ জুলাইত বিজেপি সভাপতি জেপি নাড্ডাৰ সৈতে দলৰ সকলো সাংসদৰ সভা আছে, ১৭ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDA সকলো সাংসদৰ সৈতে বৈঠক আহ্বান কৰিছে। ১৭ জুলাইতে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মক পোল হ'ব, যাতে কোনো সাংসদৰ ভোট নাকচ নহয়।''- NEWS18ক এই কথা জনালে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই (MP Bhubaneswar Kalita)।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী চৰকাৰে মানি লৈছে বুলিও কয় সাংসদ ভুবনেশ্বৰ কলিতাই। ইয়াৰ বাবে সংসদত বিধেয়ক পাৰিতৰ যাৱতীয় কামকাজ সম্পূৰ্ণ হৈছে।
ইফালে নাগৰিকত্ব সংশোধনী আইনখনো অতি শীঘ্ৰে গৃহীত হ'ব বুলি কয় অসমৰ ৰাজ্য সভাৰ সাংসদ ভুবনেশ্বৰ কলিতাই। "কা" গৃহীত কৰাৰ বাবে ইয়াৰ বিধি নিয়ম আদি এতিয়া প্ৰস্তুত কৰি থকা হৈছে বুলি NEWS18ক জনাই প্ৰস্তুতি সমিতিত সদস্যৰ দায়িত্বত থকা সাংসদ ভুবনেশ্বৰ কলিতাই।
আনহাতে উপ-ৰাষ্ট্ৰপতিৰ পদৰ প্ৰাৰ্থী সম্পৰ্কতো প্ৰতিক্ৰিয়া আগবঢ়ায় ভুবনেশ্বৰ কলিতাই। সাংসদগৰাকীৰ মতে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে দুই এদিনতে NDA প্ৰাৰ্থীৰ নাম ঘোষণা হ'ব। অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এতিয়ালৈ কোনো লোক দেশৰ উপ-ৰাষ্ট্ৰপতি হোৱা নাই। ''অসমৰ পৰা দিলে আমি আনন্দিত হ'ম'' বুলি কয় জ্যেষ্ঠ সাংসদগৰাকীয়ে। অসমৰ বান ক্ষতিগ্ৰস্তৰ সাহায্য, পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলিও কয় সাংসদ ভুবনেশ্বৰ কলিতাই।
Published by: Gautam Barman
FIRST PUBLISHED : July 11, 2022, 21:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।